ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ৰেগিং কাণ্ডৰ মূল অভিযুক্ত ৰাহুল চেত্ৰীৰ আত্মসমৰ্পণ।
সোমবাৰে পুৱা লেখাপানী আৰক্ষী থানাত আত্মসমৰ্পণ কৰে ৰাহুল চেত্রীয়ে।
উল্লেখ্য যে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ৰেগিং বিতৰ্কত সাঙোৰ খাইছিল ৰাহুল নাম।
ঘটনা সংঘটিত হোৱা দিনৰে পৰা পলাতক আছিল ৰাহুল চেত্রী।
আনন্দ শৰ্মাৰ ৰেগিং কাণ্ডৰ মূল অভিযুক্ত আছিল ৰাহুল।
ৰাহুল চেত্ৰী ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ প্ৰাক্তন সাধাৰণ সম্পাদকো আছিল।
ছাত্ৰ মুক্তিৰ সাধাৰণ সম্পাদক দায়িত্বতো আছিল ৰাহুল চেত্ৰী। দুদিন পূৰ্বে তেওঁক সংগঠনটোৰ পৰা অব্যাহতি দিয়া হৈছিল।









