ডিব্ৰুগড় বিশ্ববিদ্যালয় ৰেগিং কাণ্ড! ১৮ জন ছাত্ৰক বহিষ্কাৰ, মূল অভিযুক্ত ৰাহুল ছেত্ৰীয়ে প্ৰৱেশ নিষেধ…

ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ৰেগিং কাণ্ডই জোঁকাৰিছে সমগ্ৰ ৰাজ্য।

ঘটনা সন্দৰ্ভত পদ্মনাথ গোহাঁই বৰুৱা ছাত্ৰ নিবাসৰ পৰা বহিষ্কাৰ কৰা হৈছে ১৮ গৰাকীকৈ ছাত্ৰক।

লগতে মূল অভিযুক্ত তথা প্ৰাক্তন ছাত্ৰ ৰাহুল ছেত্ৰীক অনিৰ্দিষ্ট কাললৈ বিশ্ববিদ্যালয়ত প্ৰৱেশ নিষিদ্ধ কৰা হৈছে।

তদুপৰি এই ঘটনাৰ লগত জড়িত ৪ অভিযুক্তক আটক কৰিছে আৰক্ষীয়ে।

এই ৪ জন ছাত্ৰ হৈছে ক্ৰমে সীমান্ত হাজৰিকা, নিৰঞ্জন ঠাকুৰ, গোলাপ ডেকা আৰু প্ৰানজিৎ বৰুৱা।

অন্যহাতে পলাতক আছে মূল অভিযুক্ত ৰাহুল ছেত্ৰী। ৰাহুল হ’ল বিশ্ববিদ্যালয়খনৰ প্ৰাক্তন ছাত্ৰ।

ইপিনে ৰেগিং কাণ্ডক লৈ ডিব্ৰুগড় বিশ্ববিদ্যালয় কৰ্তৃপক্ষৰ সম্বোধন কৰিছে এক সংবাদমেলৰ।

ভৱিষ্যতে যাতে এনেধৰণৰ ঘটনা সংঘটিত নহয় তাৰ বাবে কঠোৰ ব্যৱস্থা গ্ৰহণৰ কথাও উল্লেখ কৰে বিশ্ববিদ্যালয় কৰ্তৃপক্ষই।

আন ১৮জন ছাত্ৰক পদ্মনাথ গোহাঞিবৰুৱা ছাত্ৰাবাসৰ পৰা বহিষ্কাৰ কৰা হৈছে আৰু সাময়িকভাৱে শ্ৰেণীকোঠাত উপস্থিত থকাৰ পৰা বাৰণ কৰা হৈছে।

গোলাপ ডেকা, নিৰঞ্জন যাদৱ, কল্যাণ দত্ত, সীমান্ত হাজৰিকা, প্ৰাণজিৎ বৰুৱা, চন্দনজ্যোতি বৰা সোণোৱাল, শিৱম শ্ৰফ, পুশ্বাং খাম বৰুৱা, পল্লৱ বৰা, চিত্ৰবন বৰুৱা, নয়ন অধিকাৰীনয়নজিৎ ঠেঙাল, মনোৰঞ্জন দাস, মৌচম ফুকন, বিশাল ডেকা,দেৱাশিস বিশ্বাস, অমৰজ্যোতি নাথ, নৱদ্বীপ শৰ্মাক বহিষ্কাৰ।

বিশ্ববিদ্যালয়ৰ পৰাও বহিষ্কাৰ অভিযুক্ত ১৮ ছাত্ৰক। লগতে তৎকালীনভাৱে ছাত্ৰাৱাস খালী কৰাৰ নিৰ্দেশ কৰ্তৃপক্ষৰ।

ৰেগিং কাণ্ডক লৈ ৰাজ্যজুৰি প্ৰতিক্ৰিয়াৰ পাছতে অনুষ্ঠিত হৈছিল বৈঠক।

বৈঠকত ছাত্ৰকেইজনক বহিষ্কাৰৰ সিদ্ধান্ত বিশ্ববিদ্যালয় কৰ্তৃপক্ষৰ।

উল্লেখ্য যে, ৰেগিঙৰ পৰা হাত সাৰিবলৈ হোষ্টেলৰ দ্বিতীয় মহলাৰ পৰা জাঁপ মাৰিছিল আনন্দ শৰ্মা নামৰ ছাত্ৰ গৰাকীয়ে। তাৰ পাছতেই গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত আনন্দ শৰ্মাক আই চি ইউত ভৰ্তি কৰোৱা হৈছিল।

অভিযোগ অনুসৰি কেইবাদিনো ধৰি আনন্দৰ লগতে আন কনিষ্ট ছাত্ৰ কেইজনমানক ৰেগিঙৰ নামক অকথ্য নিৰ্যাতন চলাই অহা হৈছিল।