টি-২০ বিশ্বকাপৰ প্ৰথমখন মেচত ভাৰতৰ পৰাজয়, ইতিহাস ৰচিলে পাকিস্তানে…

টি-২০ বিশ্বকাপৰ প্ৰথমখন হাইভল্টেজ মেচত ভাৰতৰ পৰাজয়।

টি-২০ বিশ্বকাপৰ মেচখনৰ ওপৰত বিশেষ দৃষ্টি ৰাখি অতি ধৈৰ্যৰে খেলখন উপভোগ কৰিলে ক্ৰিকেট প্ৰেমী সকলে।

কিয়নো মেচখনত ভাৰতৰ বিৰুদ্ধে ক্ৰিকেটৰ যুঁজত নামে পাকিস্তান।

সকলোৱে হয়তো ভাবিছিল যে বিৰাট বাহিনীয়ে বহুত ভাল খেল প্ৰদৰ্শন কৰিব। কিন্তু তাৰ বিপৰীতে দেখা গ’ল আন এক দৃশ্যহে।

পাকিস্তানৰ বিৰূদ্ধে টছত পৰাজিত হোৱাৰ পাছত ভাৰতে প্ৰত্যাহ্বানমূলক স্ক’ৰ অৰ্জন কৰিব নোৱাৰিলে।

বিৰাট বাহিনীয়ে ৭ টা উইকেট হেৰুৱাই মুঠে ১৫১ ৰাণ সংগ্ৰহ কৰিবলৈ সক্ষম হয়।

কিন্তু এই হাইভল্টেজ খেলত পাকিস্তানৰ হাতত ধৰাশায়ী হোৱা দেখা গ’ল ভাৰতীয় দলক।

পাকিস্তানৰ বাবৰ আজম আৰু মহম্মদ ৰিজৱানৰ অ’পেনিং যুটিয়ে অকলে শেষ কৰে বিৰাট কোহলি নেতৃত্বাধীন ভাৰতীয় দলে বান্ধি দিয়া ১৫২ ৰানৰ লক্ষ্য।

অ’পেনাৰ ৰূপে অহা কে এল ৰাহুলৰ ৩ আৰু ৰোহিত শৰ্মাৰ ০ ৰানে বিপৰ্যয়ৰ মাজলৈ অনা দলটোক কোহলিৰ ৫১, সূৰ্যকুমাৰ যাদ‍ৱৰ ১১, ঋষভ পণ্টৰ ৩৯, ৰবীন্দ্ৰ জাদেজাৰ ১৩, হাৰ্দিক পাণ্ডিয়াৰ ১১, ভুৱনেশ্বৰ কুমাৰৰ ৫ ৰানে এটা স্থিতি উপনীত কৰাইছিল।

কিন্তু পাকিস্তানৰ বাবৰ আজম আৰু ৰিজৱানৰ বেটিং হিটত দিশহাৰা হোৱা দেখা যায় ভাৰতীয় দলটোক।

অৱশেষত ১৭.৫ অভাৰত ১৫২ ৰানৰ লক্ষ্যত উপনীত হৈ পাকিস্তানে এটাও উইকেট নেহেৰুৱাকৈ পৰাস্ত কৰিলে ভাৰতক।

পাকিস্তানৰ অপেনাৰ মহম্মদ ৰিজৱানে ৫৫টা বলত ৭৯ৰান আৰু বাবৰ আজমে ৫২বলত ৬৮ ৰান সংগ্ৰহ কৰে।

Leave a Comment