ৰাজ্যত জাপানীজ এনকেফেলাইটিছে লৈছে সংহাৰী ৰূপ।
গোৱালপাৰাত জাপানীজ এনকেফেলাইটিছে প্ৰাণ কাঢ়িলে দুজন লোকৰ।
দুধনৈত জাপানীজ এনকেফেলাইটিছৰ আক্ৰান্ত হৈ এদিনতে মৃত্যুক সাৱটিলে দুজন লোকে।
মৃত লোক দুজন ধীৰাজ নাথ আৰু দিগন্ত সূত্ৰধৰ বুলি জানিব পৰা গৈছে।
গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন হৈ আছিল ধীৰাজ নাথ।
আনহতে গোৱালপাৰা অসামৰিক চিকিৎসালয়ত চিকিৎসাধীন হৈ আছিল দিগন্ত সূত্ৰধৰ।
ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান মিছনৰ সমীক্ষা অনুসৰি অসমৰ কেতবোৰ অঞ্চলত বুজন সংখ্যক লোক জাপানীজ এনকেফেলাইটিছত আক্ৰান্ত হৈছে।
ইতিমধ্যে এই ক্ষেত্ৰত অসম চৰকাৰৰ স্বাস্থ্য বিভাগে ব্যৱস্থা লৈছে বুলি জানিবলৈ দিয়ে।
ইয়াৰ পূৰ্বেও জাপানীজ এনকেফেলাইটিছ ৰোগত ৰাজ্যৰ বহুলোকে প্ৰাণ হেৰুৱাইছে।
উল্লেখ্য যে, বৰ্তমানলৈকে সমগ্ৰ অসমত জাপানীজ এনকেফেলাইটিছত আক্ৰান্ত হৈছে ৩৭৫ জন লোক।
ইয়াৰ বিপৰীতে জাপানীজ এনকেফেলাইটিছত আক্ৰান্ত হৈ মৃ্ত্যু মুখত পৰিছে ৭৫ জনকৈ লোক।









