জাপানিজ এনকেফেলাইটিছৰ ভয়ংকৰ ৰূপঃ পুনৰ কৰুণ মৃত্যুক সাৱটিলে এগৰাকী মহিলাই…

ৰাজ্যত অব্যাহত আছে জাপানিজ এনকেফেলাইটিছৰ ভয়াৱহ ৰূপ।

পুনৰ জাপানিজ এনকেফেলাইটিছত আক্ৰান্ত হৈ কৰুণ মৃত্যুক সাৱটিলে এগৰাকী মহিলাই।

বঙাইগাঁও জিলাৰ মাণিকপুৰৰ চকীহালিত জাপানিজ এনকেফেলাইটিছত আক্ৰান্ত হৈ এগৰাকী মহিলাৰ মৃত্যু হয়।

মৃত মহিলাগৰাকীৰ নাম প্ৰেমলতা দাস।

৪০ বছৰীয়া প্ৰেমলতা দাস যোৱা ৩ আগষ্টৰ পৰা এই ৰোগত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছিল।

ইপিনে উপযুক্ত চিকিৎসা নোপোৱাৰ বাবেই মহিলাগৰাকীৰ মৃত্যু হোৱা বুলি অভিযোগ তুলিছে পৰিয়ালৰ লোকে।

মহিলাগৰাকীৰ মৃত্যুত অঞ্চলটোত পৰিছে শোকৰ ছাঁ।