জম্মু-কাশ্মীৰত কৰ্তব্যৰত অৱস্থাত দুৰ্ঘটনাত মৃত্যু BSFৰ বিষয়া দুলাল শৰ্মাৰ, সামৰিক মৰ্যদাৰে শেষকৃত্য সম্পন্ন

এক শোকাৱহ ঘটনা।

জম্মু-কাশ্মীৰত কৰ্তব্যৰত অৱস্থাত দুৰ্ঘটনাত মৃত্যু অসমৰ সীমান্ত সুৰক্ষা বাহিনীৰ বিষয়া দুলাল শৰ্মাৰ।

জম্মু-কাশ্মীৰৰ কুলগ্ৰাম জিলাৰ বটগ্ৰামত ভাৰতীয় সীমা সুৰক্ষা বলৰ ৫৮নং বেটেলিয়নত উপপৰিদৰ্শক হিচাপে কৰ্মৰত নগাঁও জিলাৰ বেবেজীয়াৰ কুৰুৱাবাহীৰ দুলাল চন্দ্ৰ শৰ্মাই কৰ্তব্যৰত অৱস্থাত দুৰ্ঘটনাগ্ৰস্ত হৈ অকাল মৃত্যুক সাৱটি লয়।

সুৰক্ষা বাহিনীত কৰ্মৰত উপ-পৰিদৰ্শক দুলাল শৰ্মাৰ ১৯ চেপ্টেম্বৰত মৃত্যু হয়।

জানিব পৰা মতে, ১৭ চেপ্টেম্বৰৰ নিশাৰ আহাৰ গ্ৰহণ কৰি তৃতীয় মহলাৰ পৰা তললৈ নামি আহোঁতেই খটখটিৰ পৰা পিছলি উপ-পৰিদৰ্শক দুলাল শৰ্মাই মূৰ, বুকুত আঘাত পাইছিল। লগে লগে শৰ্মাক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল যদিও ১৯ চেপ্টেম্বৰত চিকিৎসাধীন অৱস্থাত মৃত্যু হয় ৷

বুধবাৰে পুৱা ভাগত শৰ্মাৰ মৃতদেহটি বিমানযোগে গুৱাহাটীলৈ অনাৰ পিছত সীমান্ত সুৰক্ষা বাহিনীয়ে নগাঁৱৰ গৃহলৈ আনে।

কুৰুৱাবাহী-বেবেজীয়া পথত থকা বাসগৃহত মৃতদেহটি আহি পোৱাৰ পিছত এক শোকাকুল পৰিৱেশে বিৰাজ কৰে ৷

ভাৰতীয় সীমা সুৰক্ষা বলত উপ-পৰিদৰ্শক গৰাকীক শোকাকুল অৱস্থাৰ মাজতেই সামৰিক মৰ্যদাৰে শেষকৃত্য সম্পন্ন কৰা হয়।

জম্মু কাস্মীৰৰ পৰা অহা সেনাবাহিনীৰ লগতে নগাঁও জিলা আৰক্ষী আৰু প্ৰশাসনৰ লোক শৰ্মাৰ বাসগৃহত উপস্থিত থাকি তেওঁক শেষ শ্ৰদ্ধা জ্ঞাপন কৰে।