জন্মদিন উদযাপন কৰিবলৈ গৈছিল দলঙৰ ওপৰলৈ, কেক কটাৰ সময়তে জুই লাগিল প্ৰেমিকাৰ গাত…

কিছুদিন পূৰ্বে গুৱাহাটীৰ নৱ নিৰ্মিত দিছপুৰ ছুপাৰ মাৰ্কেট ফ্লাইঅভাৰত একাংশ লােকে জন্মদিন উদযাপন কৰা ফটাে সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছিল।

এনে কাৰ্য বিপজ্জনক বুলি আখ্যা দিছিল বহু লােকে।

এই আশংকাকে সত্য প্ৰমাণিত কৰি এই দলঙৰ ওপৰত জন্মদিন উদযাপনৰ সময়ত ঘটিল ভয়ংকৰ ঘটনা।

এই ঘটনাৰ স্থান সৰভোগৰ সমীপৰ বেঁকী নৈৰ দলং।

জানিব পৰা মতে, প্ৰেমিকৰ উপস্থিতিত জন্মদিনৰ কেক কটাৰ সময়তে অগ্নিসংযোগ যুৱতীৰ গাত।

কেক কটাৰ সময়ত মমৰ জুই লাগে যুৱতীৰ ছুৱেটাৰত।

ধাবাত জন্মদিন উদযাপন কৰি দলঙলৈ গৈছিল কেক কাটিবলৈ।

প্ৰেমিকাৰ গাৰ জুই নুমুৱাবলৈ লওঁতে আহত হয় প্ৰেমিক জনো।

এই ঘটনাৰ পাছতে প্ৰেমিক যুগলসহ লগতে অহা লােক তেওঁলােকৰ বাহনত উঠি তাৰ পৰা পলায়ন কৰে।

সম্প্ৰতি অগ্নিদগ্ধ যুৱতীগৰাকী চিকিৎসাধীন বুলি জানিব পৰা গৈছে।

ইপিনে, বৰপেটাৰ আৰক্ষী অধীক্ষক অমিতাভ সিন্হাই বাৰ্থ ডে’ পালন কৰিবলৈ আহি মমবাতিৰ পৰা যুৱতীগৰাকীৰ শৰীৰত জুই লাগে বুলি নিশ্চিত কৰিছে।

অগ্নিদগ্ধ হোৱা যুৱক-যুৱতী হালে AS19 N 8376 নম্বৰৰ এখন বাহনত উঠি ঘটনাস্থলীতলৈ আহিছিল আৰু ঘটনা সংঘটিত হোৱাৰ পিছত সেই বাহনতেই বৰপেটা মেডিকেল কলেজলৈ যাবলৈ চেষ্টা কৰিছিল।

কিন্তু পৰৱৰ্তী সময়ত  ১০৮ ৰ বাহনেৰে যুৱক যুৱতীহালক বৰপেটা মেডিকেল কলেজলৈ প্ৰেৰণ কৰা হয় বুলি তেওঁ প্ৰকাশ কৰে।

যুৱক-যুৱতীহালৰ লগত বাৰ্থডে’ উদযাপন কৰিবলৈ অহা তেওঁলোকৰ বন্ধুক আৰক্ষীয়ে বৰপেটা আৰক্ষী থানালৈ লৈ গৈ কেনেকৈ এই ঘটনা সংঘটিত হ’বলৈ পালে তাৰ সোধপোছ আৰম্ভ কৰিছে ৷

এই ঘটনা কেনেকৈ সংঘটিত হ’বলৈ পালে তাক লৈ সমগ্ৰ অঞ্চলটোতে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হোৱাৰ লগতে সৃষ্টি হৈছে ৰহস্যৰ ৷

লগতে চাওকঃ

আপোনালোকৰ বেয়া দিন সোনকালে আহিব, মই অভিশাপ দিছোঁ- কাক উদ্দেশ্য কৰি এই কথা ক’লে জয়া বচ্চনে?

Leave a Comment