মৃতদেহ লৈ ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ শ শ লোকৰ।
শ শ পুৰুষ মহিলাৰ প্ৰতিবাদত কঁপিল বিলাসীপাৰা।
বিলাসীপাৰাৰ বেলতলীত কান্ধত মৃতদেহ লৈ অৱৰোধ কৰে ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথ।
জানিব পৰা মতে যোৱা ২১ আগষ্টত ৫০-৬০ জনীয়া এটা ভু-মাফিয়াৰ দলে ভুমি বেদখল কৰিবলৈ আহি জনগোষ্ঠীয় লোকৰ ঘৰ ভাঙি তহিলং কৰে।
এই কাৰ্যক বাধা দিবলৈ গৈছিল ছপিলুদ্দিন সেখ নামৰ এজন ব্যক্তিয়ে।
বাধা দিবলৈ যোৱাৰ বাবেই ছপিলুদ্দিন সেখক ভু-মাফিয়াৰ দলটোই লাঠি ৰ’ড, চোকা অস্ত্ৰৰে আক্ৰমণ চলাই।
চৰ অঞ্চলৰ পৰা অহা ভু মাফিয়াৰ দলটোৰ আক্ৰমণত গুৰুতৰ ভাবে আহত হয় বিলাসীপাৰাৰ বাসিন্দা ছপিলুদ্দিন সেখ।
আহত ছপিলুদ্দিন সেখক গুৱাহাটীৰ এখন ব্যক্তিগত চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় যদিও দুৰ্ভাগ্যৱশতঃ শুকুৰবাৰে ব্যক্তিজনৰ মৃত্যু হয়।
ছপিলুদ্দিন সেখৰ মৃত্যুৰ খবৰ পোৱা লগে লগে স্থানীয় ৰাইজৰ লগতে বিভিন্ন দল সংগঠন সমূহে জাঙুৰ খাই উঠে আৰু বেলতলী চাৰিআলিত কান্ধত মৃতদেহ লৈ ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰে।
উল্লেখ্য যে ঘটনাৰ পিছতো বিলাসীপাৰা আৰক্ষীয়ে এজনো দোষীক কৰায়ত্ব নকৰি অভিযুক্তৰে গোপন মিতিৰালি কৰাৰো অভিযোগ উত্থাপন হৈছে।
সেয়ে দোষীক কৰায়ত্বৰ দাবীত শ শ পুৰুষ মহিলাই ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি প্ৰতিবাদ সাব্যস্ত কৰে।









