ছেবাই মুকলি কৰিলে বিশেষ এপ, শিক্ষাৰ্থীসকলে অনলাইন গ্ৰহণ কৰিব পাৰিব পাঠদান

ছেবাই আজি মুকলি কৰিলে দুটাকৈ বিশেষ এপ্।

শিক্ষাৰ্থীৰ বাবে মুকলি কৰা এই এপ দুটাৰ জৰিয়তে এতিয়াৰে পৰা শিক্ষাৰ্থীসকলে অনলাইন গ্ৰহণ কৰিব পাৰিব পাঠদান।

মুকলি কৰা এপ দুটাৰ এটা এপৰ জৰিয়তে শিক্ষাৰ্থীসকলে স্প’কেন ইংলীছৰ পাঠদান গ্ৰহণ কৰিব পাৰিব।

আনহাতে আন এটা এপত উপলব্ধ হ’ব হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু অসম হাই মাদ্ৰাছাৰ লিগেছী ডাটা।

এপ মুকলি অনুষ্ঠানত উপস্থিত থাকে ৰাজ্যৰ শিক্ষামন্ত্ৰী ড০ ৰণোজ পেগু, ৰাজ্য চৰকাৰৰ শিক্ষা উপদেষ্টা ড০ ননীগোপাল মহন্তকে ধৰি শিক্ষা বিভাগৰ বহু কেইজন শীৰ্ষ আমোলা, বিষয়া।

ইপিনে শিক্ষকৰ বদলিকৰণৰ ক্ষেত্ৰতো গুৰুত্বপূৰ্ণ মন্তব্য কৰে শিক্ষামন্ত্ৰী গৰাকীয়ে।

শিক্ষা মন্ত্ৰীয়ে কয়, কাকো সাক্ষাৎ নকৰাকৈ, তামোল এখন নোখোৱাকৈ অনালাইন পৰ্টেলৰ জৰিয়তে শিক্ষকৰ বদলিকৰণৰ কাম কৰা হৈছে। দুটা দিনৰ ভিতৰত ৭,৭১৬ গৰাকীক অনলাইনৰ জৰিয়তে বদলিকৰণৰ কাম সম্পন্ন কৰা হৈছে। 

এটা প’ৰ্টেলৰ জৰিয়তে প্ৰথম পৰ্যায়ত বদলি কৰা হৈছে। দ্বিতীয় পৰ্যায়ৰ বদলিকৰণৰ কাম দুই এদিনতে আৰম্ভ হ’ব বুলিও মন্তব্য কৰিছে শিক্ষা মন্ত্ৰী ডাঃ ৰণোজ পেগুৱে।

তেওঁ কয়- প্ৰথমে বদলিকৰণ তাৰ পিছত শিক্ষক নিযুক্তিকৰণ প্ৰক্ৰিয়া আৰম্ভ হৈছে। আঙুলিৰ মূৰত এতিয়া ছেবাৰ ৰিজাল্ট, মাৰ্কশ্বিট সকলো ব্যৱস্থা হৈছে। মেনেজমেণ্টৰ কাৰণে এটা প’ৰ্টেলৰ ব্যৱস্থা সোনকালে কৰা হ’ব। অনলাইন শিক্ষাৰ অন্তঃগাঁথনিৰ বাবে কাম কৰি আছে চৰকাৰে।

শীঘ্ৰে ‘শিকন’ নামৰ এটা নতুন এপ মুকলি কৰা হ’ব বুলিও মন্তব্য কৰে শিক্ষামন্ত্ৰীয়ে।