‘ছাৰ মোৰ ছোৱালীৰ দৰে যাতে অন্য কাৰো নহয়, এখন ভাল হাস্পতাল দিয়ক মাজুলীত’-স্বাস্থ্যমন্ত্ৰীক আহ্বান তেজস্বিতাৰ পিতৃৰ…

মাজুলীৰ কন্যা তেজস্বিতাক হেৰুৱাই আজি ম্ৰিয়মান সমগ্ৰ ৰাজ্যবাসী। কান্দি কান্দি তৎ নাই পিতৃ-মাতৃৰো।

গুৰুজনাৰ জন্মোৎসৱৰ দিনাখনেই নামঘৰত বৰগীত পৰিৱেশনৰ সময়তে হঠাৎ ঢলি মৃত্যুক সাৱটিছিল প্ৰতিভাৱান গায়িকা তেজস্বিতা বৰুৱাই।

photo1665044534
‘ছাৰ মোৰ ছোৱালীৰ দৰে যাতে অন্য কাৰো নহয়, এখন ভাল হাস্পতাল দিয়ক মাজুলীত’-স্বাস্থ্যমন্ত্ৰীক আহ্বান তেজস্বিতাৰ পিতৃৰ... 3

ভুল চিকিৎসাৰ বাবেই গড়মূৰৰ পীতাম্বৰ দেৱ গোস্বামী অসামৰিক হাস্পতালত তেজস্বিতাৰ মৃত্যু ঘটাৰ অভিযোগ উত্থাপন কৰিছে পিতৃ-মাতৃয়ে।

এই ঘটনাৰ পাছতে আজি মুখ্যমন্ত্ৰীৰ নিৰ্দেশত স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই খবৰ লবলৈ বুলি উপস্থিত হয় তেজস্বিতাৰ ঘৰত। মন্ত্ৰীগৰাকীক দেখাৰ লগে লগে হুকহুকাই কান্দি উঠে পিতৃ।

হাত জোৰ কৰি তেজস্বিতাৰ দুৰ্ভগীয়া পিতৃৰ স্বাস্থ্যমন্ত্ৰীক জনালে কাতৰে আহ্বান- ‘ছাৰ, মোৰ তাই একমাত্ৰ ছোৱালী আছিল। বুকু খালি কৰি গলগৈ। চিকিৎসকৰ অবহেলা আৰু পৰ্যাপ্ত সুবিধা নথকাৰ বাবেই মৃত্যুৰে যুঁজি-যুঁজি অৱশেষত হাৰ মানিলে।

1084
‘ছাৰ মোৰ ছোৱালীৰ দৰে যাতে অন্য কাৰো নহয়, এখন ভাল হাস্পতাল দিয়ক মাজুলীত’-স্বাস্থ্যমন্ত্ৰীক আহ্বান তেজস্বিতাৰ পিতৃৰ... 4

‘তাই গলগৈ, কিন্তু মোৰ ছোৱালীৰ দৰে যাতে অন্য কাৰো এনেদৰে প্ৰাণ নাযায়, মাজুলীত এখন ভাল হাস্পতাল দিয়ক ছাৰ।’- তেজস্বিতাৰ পিতৃ।