ছাত্ৰ সন্থা উন্নয়নবিৰোধী নহয়, কিন্তু জনতাৰ ক্ষতি কৰা বৃহৎ নদীবান্ধৰ বিৰোধীঃ সমুজ্জ্বল ভট্টাচাৰ্য…

বৃহৎ নদীবান্ধৰ বিৰুদ্ধে পুনৰ এবাৰ সৰব হ’ল সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা ড° সমুজ্জ্বল ভট্টাচাৰ্য।

নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পই নামনি অসমৰ জনসাধাৰণলৈ কঢ়িয়াই আনিছে বুলি মন্তব্য কৰে আছুৰ মুখ্য উপদেষ্টা গৰাকীয়ে।

তেওঁ কয়- অসমৰ বিশেষজ্ঞ সমিতি আৰু বিশেষজ্ঞসকলৰ পৰামৰ্শক কেন্দ্ৰীয় চৰকাৰে আওকাণ কৰাৰ ফলতেই নামনিৰ ৰাইজৰ নিৰাপত্তা নোহোৱা হৈছে।

লগতে নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ নিৰ্মাণকাৰ্য বন্ধ কৰাৰো দাবী উত্থাপন কৰে ভট্টাচাৰ্যই।

নামনি অসমৰ জনসাধাৰণক লৈ চৰকাৰে হেতালি খেলিব খোজা কাৰ্য সহ্য কৰা নহ’ব বুলিও তেওঁ কয়।

বিজ্ঞানৰ সত্যৰ সন্মুখীন হ’বলৈ কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ সাহস নাই বুলি তীক্ষ্ণ সমালোচনা কৰি ভট্টাচাৰ্যই কয় যে, ছাত্ৰ সন্থা উন্নয়ন বিৰোধী নহয়, কিন্তু জনসাধাৰণৰ ক্ষতি কৰা বৃহৎ নদীবান্ধৰ বিৰোধী।