ছাগলী নহয়, এইবাৰ বিলাসী বাহনত কুকুৰ চুৰি কৰি ৰঙাঘৰলৈ যুৱক, বাহন জব্দ

নিউজ ডেস্ক। ৰাজ্যৰ বিভিন্ন জিলাত বিলাসী বাহনত উঠাই ছাগলী চুৰি কৰাৰ ঘটনা নিতৌ সংঘটিত হৈ আহিছে।

কিন্তু এইবাৰ ছাগলী নহয়, বাটৰ কুকুৰ চুৰি কৰিবলৈ আহি ৰঙাঘৰৰ আলহী হ’ল এজন যুৱক।

এই ঘটনাৰ স্থান গোৱালপাৰা জিলাৰ কৃষ্ণাইৰ সমীপৱৰ্তী পাইকান।

কুকুৰ চুৰিত ব্যৱহাৰ কৰাৰ অভিযোগত আৰক্ষীয়ে এখন চাৰিচকীয়া বাহনো জব্দ কৰে।

প্ৰাপ্ত বাতৰি মতে, এখন এএছ-১৬-এ-১৭৩৪ নম্বৰৰ চাৰিচকীয়া বাহনেৰে কেইজনমান লোকে বঙাইগাঁও, গোৱালপাৰা, চিৰাং, ধুবুৰী আদি জিলাৰ পৰা ৰাজপথৰ কুকুৰ ধৰি চোৰাংকৈ বিক্ৰী কৰি অহা বুলি এটা পশুপ্ৰেমী সংগঠনে দিয়া অভিযোগৰ ভিত্তিত বঙাইগাঁও জিলা আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছিল।

অভয়াপুৰী আৰক্ষীয়ে নিশা পাইকানৰ ছেংগ্ৰিক আৰ মাৰাক নামৰ এজন যুৱকক গ্ৰেপ্তাৰ কৰে।

আৰক্ষীয়ে কুকুৰ চুৰি কাৰ্যত ব্যৱহাৰ কৰা মাৰুতি অল্ট’ গাড়ীখনো জব্দ কৰিছে।

কুকুৰ চুৰি কাণ্ডৰ সৈতে আন দুজন যুৱকো জড়িত থকা বুলি ধৃত যুৱকজনে স্বীকাৰ কৰিছে।

চুৰি কৰা কুকুৰবোৰ নগালেণ্ডলৈ সৰবৰাহ কৰা হয় বুলি সন্দেহ কৰা হৈছে।

এই সন্দৰ্ভত আৰক্ষীয়ে জীৱ-জন্তুৰ প্ৰতি নিৰ্যাতন প্ৰতিৰোধ আইন ১৯৬০ৰ ১১ (১) (ডি) (কে)ৰ অধীনত অভয়াপুৰী থানাত এটা গোচৰ (নং-১০০১/১১) ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে।

Leave a Comment