চৰৰ মানুহৰ বাবে আমি ভাত মুঠি খাবলৈ পাইছো, চৰৰ মানুহৰ ওপৰত আমি নিৰ্ভৰশীলঃ কুইন ওজা…

হঠাত চৰৰ ৰাইজৰ প্ৰতি প্ৰেম উপজিছে গুৱাহাটী লোকসভা সমষ্টিৰ সাংসদ কুইন ওজাৰ।

সোমবাৰে সোণতলিত অনুষ্ঠিত এখন সভাত উপস্থিত হৈ কেতবোৰ গুৰুত্বপূৰ্ণ মন্তব্য কৰে সাংসদগৰাকীয়ে।

চৰৰ মাটিত ভৰি দিয়ে চৰৰ মানুহৰ প্ৰশংসাত পঞ্চমুখ হৈ উঠিল কুইন ওজা।

দৈনন্দিন জীৱনৰ প্ৰয়োজনীয় খাদ্য সামগ্ৰীৰ মূলতে চৰৰ মানুহ বুলি উল্লেখ কৰে কুইন ওজাই।

তেওঁ কয়- ধানৰ পৰা শাক-পাচলি লৈ, মাছৰ পৰা গুৰলৈ সকলো খেতি কৰে চৰৰ মানুহে। আমি সকলো চৰৰ মানুহৰ ওপৰত নিৰ্ভৰশীল। চৰৰ মানুহে খেতি নকৰিলে আমি ভাত খাবলৈ নাপাও।