চোৰাং গৰু সৰবৰাহ চক্ৰৰ পৰা ধন লৈ আৰক্ষীৰ জালত খোদ গৃহৰক্ষী জোৱান…

চোৰাং গৰু সৰবৰাহ চক্ৰৰ পৰা ধন লৈ আৰক্ষীৰ জালত খোদ গৃহৰক্ষী জোৱান।

কলিয়াবৰত সংঘটিত হৈছে এই চাঞ্চল্যৰ ঘটনা।

উৎকোচ লোৱা ৬৫হাজাৰ টকা সহ ধৃত কলিয়াবৰ আৰক্ষী থানাৰ গৃহৰক্ষী জোৱান মকবুল হুছেইন।

কিছুদিন পূৰ্বে কলিয়াবৰত নৈশবাছেৰে চোৰং গৰু সৰবৰাহৰ অভিযোগত আটক হৈছিল আখতাৰা বেগম নামৰ এগৰাকী মহিলাক।

অৱশ্যে মহিলা গৰাকী আঠমহীয়া অন্তঃসত্বাৰ বাবে আৰক্ষীয়ে অভিযুক্ত মহিলাগৰাকীক প্ৰয়োজনীয় চিকিৎসাজনিত কাৰণত মুকলি কৰি দিয়া হৈছিল।

এই মুকলি কৰি দিয়াৰ বাবদ মহিলাগৰাকীৰ সম্বন্ধীয় চামছূল হক নামৰ এজন লোকে ধনৰ লেনদেন কৰি আৰক্ষী লোককো সেই ধনৰ ভাগ দিয়া বুলি উঠা অভিযোগৰ ভিত্তিত চামগুৰি আৰক্ষীয়ে কলিয়াবৰ আৰক্ষী থানাৰ মকবুল হুছেইন নামৰ এজন গৃহৰক্ষী জোৱানক নগদ ৬৫ হাজাৰ টকাসহ আটক কৰে।

ইফালে অসাধু চক্ৰটোৱে কলিয়াবৰ মহকুমাৰ এগৰাকী উচ্চপদস্থ আৰক্ষী বিষয়াকো উৎকোচ প্ৰদানৰো অভিযোগ উঠিছে।

এক সূত্ৰই প্ৰকাশ কৰা মতে অভিযুক্ত আখতাৰ বেগমক মোকলাই দিবৰ বাবে আখতাৰৰ স্বামী জামালুদ্দিনে ধৃত গৃহৰক্ষী জোৱানজনক প্ৰদান কৰিছিল উৎকোচ।

প্ৰকৃততে এই ঘটনাৰ লগত কোন জড়িত আৰক্ষীৰ তদন্ততহে পোহৰলৈ আহিব।

বৰ্তমান অভিযুক্ত মকবুল হুছেইনক জেৰা অব্যাহত ৰাখিছে আৰক্ষীয়ে।

উল্লেখ্য যে, কিছু দিন পূৰ্বেও নগাঁও আৰক্ষীৰ জালত পৰিছিল দুজনকৈ আৰক্ষী জোৱান।