চেল্ফি উঠিব গৈ হদহদী জলপ্ৰপাতত সন্ধানহীন দুজন যুৱক।
নগাঁও জিলাৰ চামগুৰি থানাৰ অন্তৰ্গত লুংচুং চাহ বাগিচাৰ সমীপৰ হদহদী জলপ্ৰপাতত শনিবাৰে বিয়লি দুজন যুৱক সন্ধানহীন হোৱাক কেন্দ্ৰ কৰি অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি হৈছে।
সন্ধানহীন যুৱক দুজনৰ এজন যুৱক গুৱাহাটীৰ আৰু আনজন নগাঁৱৰ লাওখোৱাৰ।
গুৱাহাটী মহানগৰীৰ পাথৰকুচিৰ ৰাজেশ সাহানীৰ পুত্ৰ পংকজ চাহানী(২২) আৰু নগাঁৱৰ লাওখোৱাৰ মহিন্দ্ৰ শ্বাহৰ পুত্ৰ মিণ্টু শ্বাহ(২২)।
মিণ্টু শ্বাহ(২২) নামৰ যুৱক জনে চেল্ফি উঠিবৰ বাবে জলপ্ৰপাতটোৰ গভীৰ পানীত নামি যায়।
ম’বাইল ফোনত চেল্ফি উঠি থকাৰ সময়তে দুৰ্ভাগ্যৱশত খৰস্ৰোতা পানীয়ে মিণ্টুক উটুৱাই নিয়ে।
আনহাতে মিণ্টু শ্বাহ পানীত ডুবিব ধৰা প্ৰত্যক্ষ কৰি গুৱাহাটীৰ বন্ধু পংকজে উদ্ধাৰ কৰিবলৈ যোৱাত পংকজ চাহানীয়ো গভীৰ পানীত সন্ধানহীন হৈ পৰে।
যুৱক দুজন নিৰুদ্দেশ হোৱাৰ খবৰ প্ৰকাশ লাভ কৰাৰ পাছতে ঘটনাস্থলীত চামগুৰি থানাৰ আৰক্ষী উপস্থিত হৈ উদ্ধাৰ অভিযান আৰম্ভ কৰে।









