চিত্ৰৰঞ্জন বসুমতাৰী হ’ব মাজুলীৰ AJP প্ৰাৰ্থী

নিউজ ডেস্ক। অহা ৭ মাৰ্চত অনুষ্ঠিত হ’বলগীয়া মাজুলী বিধানসভা সমষ্টিৰ উপ-নিৰ্বাচনৰ বাবে ককালত টঙালি বান্ধিছে ৰাজনৈতিক দলসমূহে।

সোমবাৰে বিজেপিয়ে সমষ্টিটোত দলৰ প্ৰাৰ্থী ঘোষণা কৰাৰ পিছতে এইবাৰ প্ৰাৰ্থী ঘোষণা কৰিছে অসম জাতীয় পৰিষদে।

1 3
চিত্ৰৰঞ্জন বসুমতাৰী হ’ব মাজুলীৰ AJP প্ৰাৰ্থী 2

মঙলবাৰে অজাপৰ নেতা লুৰিণজ্যেোতি গগৈ আৰু জগদীশ ভূঞাই এক সংবাদমেল সম্বোধন কৰি মাজুলীৰ উপ-নিৰ্বাচনত দলীয় প্ৰাৰ্থীৰ নাম ঘোষণা কৰে।

সেই অনুসৰি, এইবাৰ চিত্ৰৰঞ্জন বসুমতাৰীক মাজুলীৰ পৰা টিকট প্ৰদান কৰিছে দলটোৱে।

উল্লেখ্য যে, সমাগত মাজুলীৰ উপ নিৰ্বাচনত কংগ্ৰেছে প্ৰাৰ্থী প্ৰদান নকৰাৰ সিদ্ধান্ত লৈছে।

তাৰ বিপৰীতে কংগ্ৰেছে অজাপৰ প্ৰাৰ্থীক সমষ্টিটোত সমৰ্থন আগবঢ়াব বুলিও ঘোষণা কৰিছে।

Leave a Comment