অসম

চিত্ৰশিল্পী নীলিম মহন্তৰ গ্ৰেপ্তাৰক লৈ মাতৃৰ প্ৰতিক্ৰিয়া, ক’লে…

অৰুণাচল প্ৰদেশ চৰকাৰে নদীবান্ধৰ সমৰ্থনত অংকন কৰোৱা চিত্ৰৰ তলত নদীবান্ধ বিৰোধী শ্ল’গান লিখাৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হৈছে চিত্ৰশিল্পী নীলিম মহন্তক।

দেওবাৰে অসম আৰক্ষীৰ সহযোগত অৰুণাচল আৰক্ষীয়ে লখিমপুৰৰ নিজা বাসগৃহৰ পৰা চিত্ৰশিল্পীগৰাকীক গ্ৰেপ্তাৰ কৰাৰ পিছতে ৰাজ্যজুৰি সৃষ্টি হৈছে প্ৰতিক্ৰিয়াৰ।

ইতিমধ্যে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে শিল্পী নীলিম মহন্তৰ গ্ৰেপ্তাৰ বিৰোধিতা কৰি সাব্যস্ত কৰিছে প্ৰতিবাদ। চিত্ৰশিল্পী গৰাকীৰ মুক্তিৰ দাবী জনাইছে আন আন দল-সংগঠনেও।

পুত্ৰৰ গ্ৰেপ্তাৰ পিছত প্ৰতিক্ৰিয়া ব্যক্ত কৰি নীলিম মহন্তৰ মাতৃয়ে পুত্ৰৰ মুক্তিৰ বাবে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ওচৰত আহ্বান জনায়। যদি নীলিম মহন্তুই অজানিতে ভুল কৰিছে, তেন্তে সেই ভুল আঙুলিয়াই দি যাতে তেওঁক চৰকাৰে ক্ষমা কৰে তাৰ বাবে আহ্বান জনায় মাতৃয়ে।

দেশৰ বিৰুদ্ধে পুত্ৰই কেতিয়াও কাম নকৰে বুলি দৃঢ় বিশ্বাসেৰে মন্তব্য কৰি নীলিম মহন্তৰ মাতৃয়ে কয় যে, তেওঁৰ শিল্পী মনৰ বাবে আনকি মাতৃৰ সৈতে অলপ সময় কটোৱাৰো সুযোগ নাপায় নীলিমে।

মাতৃয়ে কয়, ‘সি (নীলিম মহন্ত) এতিয়া সমাজৰে ল’ৰা হৈ পৰিছে। মোৰ নিজৰ সন্তান হৈও মই সময়ে নাপাও তাক লগ পাবলৈ। মাতৃ হিচাপে খুব আশা কৰো যে সি মোৰ লগত থাকক। কিন্তু সেয়া সম্ভৱ নহয়গৈ।’

image 13

উল্লেখ্য যে, অৰুণাচল প্ৰদেশৰ ৫০ বৰ্ষপূতিৰ দেৱালত নদীবান্ধৰ সপক্ষে চিত্ৰ অংকনৰ বাবে আমন্ত্ৰণ জনোৱা হৈছিল চিত্ৰশিল্পী নীলিম মহন্তক। সেই ছবিখনৰ তলত চিত্ৰশিল্পীগৰাকীয়ে ‘ন’ বিগ ডেম’ বুলি নদীবান্ধ বিৰোধী শ্ল’গান লিখাৰ অভিযোগ উত্থাপন হৈছে। যাৰ বাবে দেওবাৰে গ্ৰেপ্তাৰ কৰা হৈছে চিত্ৰশিল্পীগৰাকীক।

জানিব পৰা মতে, দুদিনৰ আৰক্ষীৰ জিম্মাত লোৱা হৈছে শিল্পী নীলিম মহন্তক।

Leave a Reply

Your email address will not be published. Required fields are marked *