চাহ খোৱা কাপ-প্লেট চাফা নকৰাই হ’ল অপৰাধ, কনিষ্টবলক ৰিজাৰ্ভ ক্ল’জ কৰিলে আৰক্ষী বিষয়াই

চাহ খোৱা কাপ-প্লেট চাফা নকৰাই হ’ল ডাঙৰ অপৰাধ।

এগৰাকী কনিষ্টবলক ৰিজাৰ্ভ ক্ল’জ কৰিলে আৰক্ষী বিষয়াই।

কাপ-প্লেট চাফা নকৰাৰ বাবেই কনিষ্টবলক শাস্তি

বৰপেটা সদৰ থানাত অনুষ্ঠিত এখন বিভাগীয় সভাত বিষয়াই চাহ খোৱা কাপ-প্লেট চাফা নকৰা বাবে ধীৰেন দাস নামৰ কনিষ্টবলক ৰিজাৰ্ভ ক্ল’জ কৰিছে ভাৰপ্ৰাপ্ত বিষয়া (অ’চি) দেৱানন্দ দাসে।

যাৰ বাবে মানসিকভাৱে ভাঙি পৰা কনিষ্টবল ধীৰেন দাসে এতিয়া হাতযোৰ কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু অসম আৰক্ষীৰ সঞ্চালকপ্ৰধান ভাস্কৰজ্যোতি মহন্তৰ সুদৃষ্টি বিচাৰিছে।

মুখ্যমন্ত্ৰী আৰু ডিজিপিলৈ তেওঁৰ আহ্বান- সময়মতে বিষয়াই চাহ খোৱা কাপ প্লেট আনি চাফা নকৰাৰ বাবে মোক ৰিজাৰ্ভ ক্ল’জ কৰিছে। আৰু কোনো কনিষ্টবলে যাতে এনে বিপদৰ সন্মুখীন হ’বলগীয়া নহয় তাৰ বাবে মুখ্যমন্ত্রী-ডিজিপিয়ে সুদৃষ্টি দিয়ক।

এই খবৰ ৰাজহুৱা হোৱাৰ পাছতে ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া দেৱানন্দ দাসক বিভিন্ন শ্রেণীৰ লোকে নিন্দা কৰিছে।

উল্লেখ্য যে, ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া দেৱানন্দ দাসৰ অভিযোগৰ ভিত্তিত জিলা আৰক্ষী অধীক্ষকে তাৎক্ষণিকভাৱে কনিষ্টবল ধীৰেন দাসক ৰিজাৰ্ভ ক্ল’জ কৰিছে বুলি জানিব পৰা গৈছে।