চাঞ্চল্যকৰ! সন্ধানহীন পিতৃক বিচাৰি গৈ নিৰুদ্দেশ কন্যা, নৈৰ পাৰত উদ্ধাৰ পিতৃৰ কাপোৰ-চেণ্ডেল…

এক চাঞ্চল্যকৰ ঘটনা।

সন্ধানহীন পিতৃক বিচাৰি গৈ নিৰুদ্দেশ কন্যা।

শিৱসাগৰৰ নামতিত সংঘটিত হৈছে এই চাঞ্চল্যকৰ ঘটনা।

জানিব পৰা মতে মঙলবাৰৰ নিশাৰ পৰা নিৰুদ্দেশ হৈ আছে পিতৃ-কন্যা।

সন্ধানহীন হৈ থকা পিতৃ-কন্যা নামতিৰ খামুন গাঁৱৰ প্ৰশান্ত শৰ্মা আৰু গিতাশ্ৰী শৰ্মা ওৰফে শিৱানী বুলি জানিব পৰা গৈছে।

ঘৰৰ পৰা দেউতাক নোহোৱা হোৱাত নামদাং নদীৰ পাৰত পিতৃক বিচাৰিবলৈ গৈ সন্ধানহীন হৈ পৰে পঞ্চম শ্ৰেণীৰ ছাত্ৰী গিতাশ্ৰী।

ইপিনে নামদাং নদীৰ পাৰত উদ্ধাৰ হৈছে পিতৃৰ কাপোৰ, টৰ্চ লাইট আৰু চেণ্ডেল।

স্থানীয় লোকে নামদাং নদীতে পিতৃ-কন্যা সন্ধানহীন হোৱাৰ সন্দেহ প্ৰকাশ কৰিছে।