অসম

চাঞ্চল্যকৰ! বৰপেটা চহৰৰ মাজ-মজিয়াত মহিলা অধিবক্তাক হানি-খুচি হত্যা দুৰ্বৃত্তৰ

বৰপেটা চহৰৰ মাজ-মজিয়াত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা।

তিনিজন দুৰ্বৃত্তৰ উপৰ্জুপৰি আক্ৰমণত মৃত্যুক সাৱটিলে এগৰাকী মহিলা অধিবক্তাই।

সন্ধিয়া ৭- ৩০ বজাত বৰপেটা চহৰৰ মাজমজিয়া বিলৰতাৰি হাটীত সংঘটিত হোৱা এই ঘটনাই অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।

2 10

নিহত অধিবক্তাগৰাকী ৰিনিমা বেগম বুলি জানিব পৰা গৈছে।

মৃত ৰিনিমা বেগমৰ ঘৰ বৰপেটা চহৰৰ পৰা আঠ কিলোমিটাৰ নিলগৰ ভেল্লাৰ সমীপবৰ্তী বনবৰীয়া গাঁৱৰ।

জানিব পৰা মতে, বৰপেটা চহৰত থকা ৰিনিমা বেগমৰ জ্যেষ্ঠ ভগ্নীৰ শাৰীৰিক অসুস্থতাৰ বাবে চিকিৎসকৰ ওচৰলৈ সন্ধিয়া অনাৰ সময়তে বাইকত অহা তিনি জনীয়া দুৰ্বৃত্তৰ দলে চোকা অস্ত্ৰৰে অধিবক্তা গৰাকীক আক্ৰমণ কৰে।

1 13

আক্ৰমণ সংঘটিত কৰি ততালিকে পলায়ন কৰে দুৰ্বৃত্তৰ দলটো।

দুৰ্বৃত্তৰ চোঁকা অস্ত্ৰৰ আঘাতত আঘাতপ্ৰাপ্ত ৰিনিমা বেগমক স্থানীয় ৰাইজ আৰু আৰক্ষীৰ সহযোগত বৰপেটা চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ লৈ যোৱা হয় যদিও চিকিৎসকে তেওঁক মৃত বুলি ঘোষণা কৰে৷

4 2

ইপিনে, দীৰ্ঘদিনীয়া ভূমি বিবাদৰ বাবে হত্যাকাণ্ড সংঘটিত হোৱা বুলি সন্দেহ প্ৰকাশ কৰিছে ৰিণিমাৰ জ্যেষ্ঠ ভগ্নীয়ে৷

পূৰ্বেও বৰপেটা চহৰত অধিবক্তা গৰাকী আক্ৰমণৰ সন্মুখীন হৈছিল৷ সম্প্ৰতি আৰক্ষীয়ে তদন্ত প্ৰক্ৰিয়া আৰম্ভ কৰিছে।

লগতে চাওকঃ

পত্নীয়ে মটন কাৰী নবনোৱাৰ বাবেই ১০০ ডায়েল কৰি আৰক্ষীক অভিযোগ, তাৰ পিছত ঘটিল এই ঘটনা…

G1 36

‘দাম বাঢ়িবই, আপোনালোকৰো দৰমহা বাঢ়িছে…’ মূল্যব্যদ্ধিক লৈ যুক্তি শাসকীয় বিধায়কৰ

G2 29

Leave a Reply

Your email address will not be published. Required fields are marked *