অসম

চাঞ্চল্যকৰ! বকো ডন বস্কো বিদ্যালয়ৰ অষ্টম শ্ৰেণীৰ ৩ জন ছাত্ৰ সন্ধানহীন…

কামৰূপ জিলাৰ বকোৰ ডন বস্কো হাইস্কুলত চাঞ্চল্যকৰ ঘটনা।

বিদ্যালয়খনৰ পৰা সন্ধানহীন হৈ আছে অষ্টম শ্ৰেণীৰ তিনিজনকৈ ছাত্ৰ।

যি ঘটনাক লৈ চিন্তিত হৈ পৰিছে পৰিয়াল, বিদ্যালয় কৰ্তৃপক্ষ আৰু আৰক্ষী প্ৰশাসনক।

শুকুৰবাৰৰ পৰা সন্ধানহীন হৈ আছে ছাত্ৰ তিনিজন।

জানিব পৰা মতে বিদ্যালয়ৰ ইউনিট টেষ্ট পৰীক্ষাৰ পিছৰ পৰা সন্ধানহীন হৈ থকা ছাত্ৰকেইজন হৈছে- মুক্তাদিৰ আলম, কুলদীপ ৰাভা আৰু চন্দন নাৰ্জাৰী। 

উল্লেখ্য যে পুৱাৰ ভাগত স্থানীয় লোকে বকোৰ বাকাৰাপাৰাত প্ৰত্যক্ষ্য কৰিছিল ছাত্ৰ কেইজনক।

কিন্তু আৰক্ষী আৰু স্থানীয় লোক উপস্থিত হোৱাৰ পূৰ্বেই স্কুলবেগ এৰি পলায়ন কৰে তিনিওজন ছাত্ৰই।

ইফালে বকো আৰক্ষী, পৰিয়ালৰ লোক আৰু স্থানীয় ৰাইজে ছাত্ৰ তিনিজনক বিচাৰি অভিযান অব্যাহত ৰাখিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *