চাঞ্চল্যকৰ! পুখুৰীত আকস্মিক ভাৱে মৃত্যু হয় শতাধিক মাছৰ, দুৰ্বৃত্তই বিষ দিয়াৰ সন্দেহ…

কামৰূপৰ নগৰবেৰাত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা

নগৰবেৰাস্থিত ছমৰীয়া উন্নয়ণ খণ্ডৰ পিছফালে থকা এটা পুখুৰীত আকস্মিক ভাৱে মৃত্যু হয় শতাধিক মাছৰ।

জানিব পৰা মতে নগৰবেৰাৰ ৮ গৰাকী শিক্ষিত নিবনুৱা যুৱকে লিজত লোৱা এটা পুখুৰীত ব্যৱসায় ভিত্তিত পালন কৰিছিল বহু টকাৰ মাছ৷

কিন্তু বৃহস্পতিবাৰে হঠাৎ পুখুৰীত ভাহি উঠে যথেষ্ট সংখ্যক মৃত মাছ৷

প্ৰায় একৰ পৰা দুই কেজি ওজনৰ হৈছিল মৃত মাছসমূহ৷

মৎসপালনৰ লগত জড়িত যুৱক সকলে জানিব দিয়া মতে প্ৰায় শতাধিক মাছৰ ইতিমধ্যে মৃত্যু হৈছে।

এনেদৰে মাছৰ মৃত্যু হোৱাত বৃহৎ লোকচানৰ সন্মুখিন হৈ হতাশ হৈ পৰিছে স্থানীয় যুৱক কেইজন।

মাছৰ মৃত্যুৰ প্ৰকৃত কাৰণ জানিব নোৱাৰিলেও কোনো দুস্কৃতিকাৰীয়ে পুখুৰীত বিষ দিয়াৰ সন্দেহ ব্যক্ত কৰিছে যুৱককেইজনে।

সমগ্ৰ ঘটনা মীন বিভাগৰ লোকক অৱগত কৰোৱাৰ লগতে উচিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনাইছে শিক্ষিত নিবনুৱা যুৱক কেইজনে।

Leave a Comment