জখলাবন্ধাৰ এন আৰ এল তেল ডিপুৰ সন্মুখত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা।
তেল ডিপুৰ সন্মুখত ৰখাই থোৱা ট্ৰাকৰ ভিতৰত উদ্ধাৰ এজনৰ মৃতদেহ।
চালকৰ আসনতে উদ্ধাৰ হয় মৃতদেহটো।
মৃতদেহটো ট্ৰাকখনৰ চালক গৌৰীপুৰ থানা এলেকাৰ ৬ নং বানিয়ামাৰীৰ ৰফিক উদ্দিন আহমেদ বুলি চিনাক্ত কৰিছে আৰক্ষীয়ে।
পাঠশালাৰ পৰা নুমলীগড় অভিমুখী ট্ৰাকখনত খালী চিলিণ্ডাৰ ভৰ্তি হৈ আছিল।
নিশা জখলাবন্ধা এন আৰ এল তেল ডিপুৰ সন্মুখতে আছিল ট্ৰাকখন।
খালী চিলিণ্ডাৰ কঢ়িওৱা ট্ৰাকখনৰ নম্বৰ NL-02-N-8903.
ঘটনাস্থলিত কাৰ্যবাহী দণ্ডাধীশৰ উপস্থিতিত জখলাবন্ধা আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত।
চালকজনৰ মৃত্যুৰ কাৰণ বৰ্তমানেও জানিব পৰা হোৱা নাই।









