চাঞ্চল্যকৰ! ছবছৰীয়া কণমানি পুত্ৰক হত্যা কৰি পিতৃৰো আত্মহত্যা, পত্নীকো ডিঙি ৰেপি হত্যাৰ চেষ্টা…

মহানগৰীত চাঞ্চল্যকৰ ঘটনা।

গুৱাহাটী মহানগৰীত সাতগাঁৱত সংঘটিত হৈছে হত্যা আৰু আত্মহত্যাৰ ঘটনা।

ছবছৰীয়া কণমানি পুত্ৰক হত্যা কৰি পিতৃৰো আত্মহত্যা, পত্নীকো ডিঙি ৰেপি হত্যাৰ চেষ্টা।

সাতগাঁও আৰক্ষী থানাৰ সন্মুখতে থকা ১৯ নম্বৰ বাসগৃহত এই ঘটনা সংঘটিত হৈছে।

সাতগাঁওস্থিত নুৰ হোমিও ফাৰ্মাচিৰ স্বত্বাধিকাৰী ভৱেশ শৰ্মাই পুৱতি নিশা নিজ বাসগৃহত পত্নী হিমাদ্রি শৰ্মাক ডিঙি ৰেপি আৰু পুত্ৰ পৰাগ শৰ্মাক ডিঙি চেপি হত্যা কৰি নিজে ফেনত ৰছী ফাঁচী লগাই আত্মহত্যা কৰে।

শনিবাৰে পুৱা ভাড়াঘৰৰ মালিক ৰাতুল বৰদলৈয়ে ভৱেশ শৰ্মাক চিপ লৈ থকা অৱস্থাত আৰু তেওঁৰ পত্নী হিমাদ্রি শৰ্মা আৰু পুত্ৰ পৰাগ শৰ্মাৰ নিথৰ দেহ ৰক্তাক্ত অৱস্থাত বিচনাত পৰি থকা প্ৰত্যক্ষ কৰি আৰক্ষীক খবৰ দিয়ে।

ঘটনাস্থলীত লগে লগে সাতগাঁও আৰক্ষীৰ লোক উপস্থিত হৈ তদন্ত আৰম্ভ কৰি অৰ্ধ চেতন অৱস্থাত বিচনাত পৰি থকা হিমাদ্রি শৰ্মাক আৰু পুত্ৰ পৰাগ শৰ্মাৰ দেহ জি এম চি এইছ লৈ প্ৰেৰণ কৰে।

আৰক্ষী পৰা জানিব পৰা মতে গুৱাহাটী মেডিকেল কলেজ হাস্পতালৰ চিকিৎসকে ছয় বছৰীয়া পুত্র পৰাগ শৰ্মা মৃত বুলি ঘোষণা কৰাৰ লগতে পত্নী হিমাদ্রি শৰ্মা মৃত্যৰ সৈতে যুঁজি আছে জনায়।

সম্প্ৰতি সাতগাঁও আৰক্ষীয়ে সমগ্ৰ ঘটনা সন্দৰ্ভত গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰিছে।

আৰক্ষীয়ে জনোৱা মতে, আৰ্থিক দৈন্যতাৰ বাবেই এই ঘটনা সংঘটিত হৈছে বুলি সন্দেহ প্ৰকাশ কৰিছে।

Leave a Comment