অসমঅসমীয়া

চাঞ্চল্যকৰ ঘটনা! নিশা ঘৰৰ বেৰ কাটি ৭ বছৰীয়া কন্যা শিশুক অপহৰণ

নিউজ ডেস্ক। বাক্সা জিলাৰ গোৰেশ্বৰ থানাৰ অন্তৰ্গত ৰামপুৰ গোসাঁই হাউলী গাঁৱত নিশা ঘৰৰ বেৰ কাটি পিতৃ-ভাতৃৰ সৈতে একেলগে শুই থকা মৌচিমী ডেকা নামৰ (৭) দ্বিতীয় শ্ৰেণীত অধ্যয়নৰত এটি শিশুক দুৰ্বৃত্তই অপহৰণ কৰি নিয়া ঘটনা পোহৰলৈ অহাত অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি হৈছে।

এই ঘটনাটো যোৱা ১৮ ডিচেম্বৰৰ নিশা সংঘটিত হৈছে যদিও শিশুটিৰ পিতৃ শংকৰ ডেকাই ২০ ডিচেম্বৰত গোৰেশ্বৰ আৰক্ষী থানাত এই ঘটনা সন্দৰ্ভত এজাহাৰ দাখিল কৰে।

জানিব পৰামতে, দিন মজদুৰ শংকৰ ডেকাৰ পত্নী প্ৰায় দুবছৰ পূৰ্বে অজ্ঞাত ঠাইলৈ অপহৃত শিশুটিৰ লগতে এটি পুত্ৰ সন্তানক এৰি ঘৰৰ পৰা আঁতৰি যায়।

অইন দিনাৰ দৰে যোৱা শনিবাৰেও দিন মজদুৰ পিতৃয়ে দুই শিশু পুত্ৰ-কন্যাৰ সৈতে নিশাৰ আহাৰ গ্ৰহণ কৰি একেখন বিছনাত শুই পৰে। কিন্তু জুপুৰিসদৃশ ঘৰৰ বেৰ দুৰ্বৃত্তই কাটি পিতৃ আৰু ককায়েকৰ মাজৰ পৰা কন্যা শিশুটিক নিশা অপহৰণ কৰে দুৰ্বৃত্তই।

দুৰ্বৃত্তই শিশুটিক অপৰহণতে ক্ষান্ত নাথাকি শংকৰ ডেকাই শুই থকা ঘৰটোৰ ওচৰতে থকা ধান খেৰৰ পুঁজি এটাতো অগ্নিসংযোগ কৰি যায়।

স্থানীয় ৰাইজে বহু বিচাৰ-খোচাৰ কৰিছে যদিও কন্যা শিশুটিৰ সম্ভেদ লাভ কৰিবলৈ সক্ষম হোৱা নাই।

লগতে চাওকঃ

আপোনালোকৰ বেয়া দিন সোনকালে আহিব, মই অভিশাপ দিছোঁ- কাক উদ্দেশ্য কৰি এই কথা ক’লে জয়া বচ্চনে?

Leave a Reply

Your email address will not be published. Required fields are marked *