চাঞ্চল্যকৰ! গুৱাহাটীৰ পেয়িং গেষ্টত বহি:ৰাজ্যৰ যুৱতীৰ ৰহস্যজনক মৃত্যু…

গুৱাহাটীৰ পেয়িং গেষ্টত চাঞ্চল্যকৰ ঘটনা।

গুৱাহাটীৰ উলুবাৰীৰ হৰবালা পথত থকা পেয়িং গেষ্টৰ বাথৰোমত উদ্ধাৰ হয় এগৰাকী যুৱতীৰ মৃতদেহ।

যুৱতী গৰাকীৰ নাম সৰ্মিতা ঘোষ। সৰ্মিতাৰ ঘৰ ৱেষ্টবেংগলৰ আলিপুৰ দুৱাৰত। সৰ্মিতাৰ বয়স আনুমানিক ২১ বছৰ।

দেওবাৰে সন্ধিয়া ৫ বজাত সংঘটিত হয় এই ঘটনা।

যুৱতী গৰাকীয়ে গুৱাহাটীত নাৰ্চিং কৰি আছিল বুলি জানিব পৰা গৈছে।

পল্টনবজাৰ আৰক্ষীয়ে উদ্ধাৰ কৰে যুৱতীগৰাকীৰ মৃতদেহ।

প্ৰাথমিক অৱস্থাত আৰক্ষীৰ তথ্য অনুসৰি যুৱতী গৰাকীয়ে আত্মহত্যা কৰা বুলি জানিব পৰা গৈছে।

আত্মহত্যা নে আন কাৰণত মৃত্যু হৈছে সেই বিষয়ে জানিব পৰা নাই।

এই ক্ষেত্ৰত বৰ্তমানে আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে।