চাওক আপােনাৰ দৈনিক ৰাশিফল

দৈনিক ৰাশিফল: ২০ নৱেম্বৰ, দেওবাৰ

মেষ ৰাশি– মানসিক শান্তিৰ বাবে চেষ্টা কৰক। দিনটো বৰ বেছি লাভজনক নহয়, গতিকে পকেটত চকু ৰাখক আৰু অত্যধিক খৰচ নকৰিব। ঘৰৰ পৰিৱেশৰ বাবে আপুনি হতাশ হৈ পৰিব পাৰে। সন্ধিয়া প্ৰিয়জনৰ সৈতে সাক্ষাৎ হলে মন সুখী হব। ব্যৱসায়ত বিনিয়োগৰ পূৰ্বে ভালদৰে চিন্তা কৰক। পিতৃৰ স্বাস্থ্যৰ যতন লওক। পত্নীৰ সমৰ্থন লাভ কৰিব।

বৃষ ৰাশি- আজি আপোনাৰ বাবে এক সুন্দৰ দিন হ’ব। আনৰ আস্থাভাজন হবলৈ সক্ষম হব। আজি ছাত্ৰ-ছাত্ৰীৰ বাবে অনুকূল দিন। ল’ৰা-ছোৱালীৰ পৰা ভাল খবৰ পাব। ঘৰৰ পৰিবেশ সুখদায়ক হৈ থাকিব। বিবাহিত জীৱনত ভাল সমন্বয় থাকিব। হঠাৎ ধন লাভৰ সম্ভাৱনা আছে। ব্যৱসায়তো লাভ বৃদ্ধি হব।

মিথুন ৰাশি- আজি আপোনাৰ সৌভাগ্য উদয় হোৱাৰ দিন। বহুদিন ধৰি কৰি থকা কোনো পৰিকল্পনা আজি সফল হব পাৰে। আয়ৰ নতুন উৎসৰ সন্ধানে আপোনাৰ আৰ্থিক সমস্যা হ্ৰাস কৰিব। সামাজিক আৰু ধৰ্মীয় অনুষ্ঠানৰ বাবে এক উৎকৃষ্ট দিন। পৰিয়ালৰ সদস্যৰ লগত ফুৰিবলৈ যোৱাৰ পৰিকল্পনা কৰিব পাৰে। ঘৰৰ পৰিৱেশ সুখদায়ক হ’ব।

কৰ্কট ৰাশি– স্বাস্থ্যজনিত সমস্যাই বিপদৰ কাৰণ হৈ পৰিব পাৰে। ধন ধাৰলৈ দিয়াৰ পৰা আজি বিৰত থকাই ভাল। ব্যৱসায়ত নতুন বিনিয়োগ আপোনাৰ বাবে লোকচানজনক হব পাৰে। মাতৃৰ পৰা ধন লাভ কৰিব। বাহন আদি ক্ৰয়ৰ পৰিকল্পনা কৰিব পাৰে। আজি অলাগতিয়াল খৰছৰ পৰা বাছি থাকক। পত্নীৰ সৈতে কোনো কাৰণত মতানৈক্য ঘটিব পাৰে।

সিংহ ৰাশি- আজি আপোনাৰ বাবে অনুকূল দিন হ’ব। এই ৰাশিৰ প্ৰেমিকৰ বাবে আজিৰ দিনটো ভাল হ’ব। বন্ধুৰ সহায়ত সংস্থাপনৰ নতুন সন্ধান লাভ কৰিব পাৰে। আজি অৰ্থনৈতিক অৱস্থা স্বাভাৱিক হ’ব। ছাত্ৰ-ছাত্ৰীয়ে অধিক কষ্ট কৰিব লাগিব। আপোনাৰ ইচ্ছামতে সকলো কাম কৰাত অসুবিধা হব। দাম্পত্য জীৱন সুখৰ হব যদিও পত্নীৰ পৰামৰ্শত গুৰুত্ব দিয়ক।

কন্যা ৰাশি- প্ৰতিযোগিতামূলক পৰীক্ষাত সফলতা লাভ কৰিব। অৰ্থনৈতিক দিশটো শক্তিশালী হৈ থাকিব। বহুদিনৰ কোনো পৰিকল্পনা সফল হব পাৰে। আজিৰ দিনটোত আর্থিকভাৱে লাভৱান হব। অৱশ্যে খৰছৰ ক্ষেত্ৰত নজৰ নিদিলে আপোনাৰ জমাধন হ্ৰাস পাব পাৰে। শিশুৰ পৰা ভাল খবৰ লাভ কৰিব পাৰে। আপোনাৰ স্থবিৰ কাম সম্পূৰ্ণ হ’ব।

তুলা ৰাশি- ৰাজনীতিৰ সৈতে জড়িত সকলে কোনো গুৰুত্বপূৰ্ণ দায়িত্ব লাভ কৰিব পাৰে। ব্যৱসায়ত পূৰ্বে কৰা বিনিয়োগ আজি আপোনাৰ বাবে লাভজনক প্ৰমাণিত হব পাৰে। খং পৰিহাৰ কৰক। গুৰুত্ব দিয়ক যাতে আপোনাৰ আচৰণে কাৰো অন্তৰত আঘাত নিদিয়ে। পৰিয়ালৰ পৰা সহায় থাকিব। দাম্পত্য জীৱন সুখৰ হব।

বৃশ্চিক ৰাশি- হঠাৎ ব্যস্ততা বৃদ্ধি পাব পাৰে। কৰ্মক্ষেত্ৰত অধিক পৰিশ্ৰম হোৱাৰ বিপৰীতে আজি আনৰ পৰা প্ৰশংসাও লাভ কৰিব পাৰিব। সমাজত আপোনাৰ সন্মান বাঢ়িব। স্থবিৰ হৈ থকা গুৰুত্বপূৰ্ণ কাম সম্পূৰ্ণ কৰিব পাৰে। পত্নীৰ সমৰ্থন লাভ কৰিব। আজি ছাত্ৰ-ছাত্ৰী সকলৰ বাবে অতি ভাল দিন। পৰীক্ষামূলক প্ৰতিযোগিতাত কৃতকাৰ্যতা লাভ কৰিব পাৰিব। মাতৃৰ স্বাস্থ্যৰ যতন লওক।

ধনু ৰাশি- আজি নতুন ক্ষেত্ৰত নিজৰ ভাগ্য পৰীক্ষা কৰাৰ সুযোগ পাব। নতুন ব্যৱসায় আৰম্ভ কৰিব পাৰে। হঠাতে আপোনাৰ বন্ধুসকলে আপোনাক লগ কৰিবলৈ আপোনাৰ ঘৰলৈ আহিব পাৰে। ধন লাভ হব যদিও অধিক ব্যয়ৰ পৰিস্থিতিৰ সৃষ্টি হব পাৰে। বিদেশত ব্যৱসায় কৰি থকা সকলৰ বাবে আজি অনুকূল দিন। সুস্বাদু খাদ্যৰ প্ৰতি ৰাপ বাঢ়িব।

মকৰ ৰাশি- প্ৰতিটো বিনিয়োগ সাৱধানে কৰক আৰু অপ্ৰয়োজনীয় লোকচানৰ পৰা হাত সাৰিবলৈ উপযুক্ত পৰামৰ্শ ল’বলৈ কুণ্ঠাবোধ নকৰিব। পৰিয়ালত ধৰ্মীয় অনুষ্ঠান সম্পন্ন হব পাৰে। ঘৰলৈ অতিথিৰ আগমন ঘটিব পাৰে। চাকৰিৰ সন্ধানত থকা সকলে আজি লাভ কৰিব পাৰে ভাল খবৰ। শিক্ষাৰ্থী সকলে সফলতাৰ বাবে অধিক পৰিশ্ৰম কৰিব লাগিব। দাম্পত্য জীৱন সুখৰ হব।

কুম্ভ ৰাশি- আজি আপুনি শক্তিৰে ভৰপূৰ অনুভৱ কৰিব। যি কামেই নকৰক সময়ৰ আগতেই সম্পূর্ণ হৈ যাব। আজি আপুনি আপোনাৰ অভিজ্ঞতাক সঠিক দিশত ব্যৱহাৰ কৰিব। যিকোনো গুৰুত্বপূৰ্ণ কামত পত্নীৰ পৰামৰ্শ গ্ৰহণ কৰিলে লাভজনক হ’ব। আজি শ্ৰমজীৱী লোকসকলৰ বাবে এক উপকাৰী দিন। ব্যৱসায়ত নজৰ নিদিলে লোকচান বৃদ্ধি পাব পাৰে। বস্ত্ৰ আদি উপহাৰ হিচাপে লাভ কৰিব পাৰে। আয় কম কিন্তু ব্যয় অধিক হব।

মীন ৰাশি- আজি কৰ্মক্ষেত্ৰত উত্থান-পতনৰ সন্মুখীন হ’বলগীয়া হ’ব পাৰে। নিয়োজিত লোকৰ পদোন্নতিৰ সম্ভাৱনা আছে। ধাৰলৈ দিয়া ধন আজি ঘূৰাই পাব পাৰে। মাতৃৰ সহযোগিতাই আজি আপোনাক ব্যৱসায়ত সহায় কৰিব। শিল্প আৰু সাহিত্যৰ সৈতে জড়িত সকলে লাভ কৰিব সন্মান। ৰাজনীতিৰ সৈতে জড়িত সকলে নিজক প্ৰতিষ্ঠা কৰিবলৈ অধিক পৰিশ্ৰম কৰিব লাগিব। পত্নীৰ সমৰ্থন লাভ কৰিব।