অসম

চলন্ত অৱস্থাত হঠাৎ দাওদাওকৈ জ্বলি উঠিল এখন চাৰিচকীয়া বাহন

চলন্ত অৱস্থাত হঠাৎ দাওদাওকৈ জ্বলি উঠিল এখন চাৰিচকীয়া বাহন।

দলগাঁৱৰ বেছিমাৰীত সংঘটিত হৈছে এই ঘটনা।

গাড়ীখনত খেৰ ভৰ্তি আছিল বুলি জানিব পৰা গৈছে৷

গাড়ীখন ৰৌতাৰ পৰা বেছিমাৰী অভিমুখে গৈ থকা অৱস্থাত বেছিমাৰী ব্লকৰ সমীপত সংঘটিত হয় এই ঘটনা৷

তৎক্ষণাত গাড়ীৰ চালকে গাড়ী খন বেছিমাৰী ব্লকৰ কেম্পাছৰ ভিতৰত সোমাই দিয়াত স্থানীয় ৰাইজৰ সহযোগত ৰক্ষা পৰে গাড়ীখন৷

গাড়ীখনত জুই জ্বলি থকা অৱস্থাত স্থানীয় ৰাইজে বালি আৰু পানীৰে জুই নমোৱাৰ চেষ্টা অব্যাহত ৰখাৰ সময়ত ঘটনাস্থলীত অগ্নিনিৰ্বাপক বাহিনীৰ লোক উপস্থিত হৈ সম্পূৰ্ণভাবে জুই নমাবলৈ সক্ষম হয়৷

গাড়ীখনৰ নম্বৰ AS 13 AC0375৷

Leave a Reply

Your email address will not be published. Required fields are marked *