ঘােচ লৈ ধৰা পৰিল BEEO কাৰ্যালয়ত কৰ্মচাৰী নৱজ্যােতি শৰ্মা…

নিউজ ডেস্ক। অসমৰ চৰকাৰী কাৰ্যালয়ত একেদিনাই চলিল দুৰ্নীতি নিবাৰকৰ দুটাকৈ সফল অভিযান।

মৰিগাঁও জিলাৰ আবকাৰী অধীক্ষক বৰষা বৰা বৰদলৈক নগদ ২੦ হাজাৰ টকাৰ ঘােচ লৈ গ্ৰেপ্তাৰ কৰা পিছতে ডিব্ৰুগড় জিলাতাে গ্ৰেপ্তাৰ হ’ল খণ্ড প্ৰাথমিক শিক্ষা বিষয়াৰ কাৰ্যালয়ৰ এগৰাকী কৰ্মচাৰী।

জানিব পৰা মতে, ডিব্ৰুগড়ৰ খোৱাংস্থিত খণ্ড প্ৰাথমিক শিক্ষা বিষয়াৰ কাৰ্য্যালয়ৰ কাৰ্য্যালয় সহকাৰী (কেৰাণী) নৱজ্যোতি শৰ্মাক ঘোচ লৈ থকা অৱস্থাত গ্ৰেপ্তাৰ কৰে দুৰ্নীতি নিবাৰকৰ হাতত।

FY0g eRVUAAOWAI
ঘােচ লৈ ধৰা পৰিল BEEO কাৰ্যালয়ত কৰ্মচাৰী নৱজ্যােতি শৰ্মা... 3

এই কথা টুইট কৰি প্ৰকাশ কৰে সতৰ্কতা আৰু দুৰ্নীতি নিবাৰক সঞ্চালকালয়ৰ মুৰব্বী জি পি সিঙে।

এই সন্দৰ্ভত টুইট কৰি, অসম আৰক্ষীৰ বিশেষ সঞ্চালক প্ৰধান জি পি সিঙে কয়, ‘এদিনত চৰকাৰী বিষয়াৰ মাজত দুৰ্নীতিৰ বিৰুদ্ধে দ্বিতীয়টো ব্যৱস্থা। দুৰ্নীতি নিবাৰক সঞ্চালকালয়, অসমৰ হাতত গ্ৰেপ্তাৰ নবজ্যোতি শৰ্মা, ডিলিং এচিষ্টেণ্ট কাৰ্যালয়ৰ BEEO, খুৱাং, ডিব্ৰুগড়ত উৎকোচৰ ধন গ্ৰহণ কৰাৰ সময়ত। বৈধ ব্যৱস্থা গ্ৰহণ কৰা হৈছে।’

লগতে চাওকঃ

নগদ ২੦ হাজাৰ টকাৰ ঘােচ লৈ গ্ৰেপ্তাৰ আবকাৰী অধীক্ষক বৰষা বৰা বৰদলৈ

G1 7
ঘােচ লৈ ধৰা পৰিল BEEO কাৰ্যালয়ত কৰ্মচাৰী নৱজ্যােতি শৰ্মা... 4