গৰু চুৰিৰ অতি নিষ্ঠুৰ কৌশল! এইবাৰ পাচলিৰ কাৰ্টনৰ তলত উদ্ধাৰ ১০ টাকৈ চোৰাং গৰু, দুজনক গ্ৰেপ্তাৰ…

ৰাজ্যত অব্যাহত আছে গোধনৰ অবৈধ সৰবৰাহ।

চৰম নিষ্ঠুৰতাৰে গো-মাফিয়াই বিভিন্ন কৌশলৰে বহিঃৰাজ্যলৈ অব্যাহত ৰাখিছে গৰুুৰ সৰবৰাহ।

দেওবাৰে নিশা জখলাবন্ধাত শাক-পাচলিৰ কাৰ্টনৰ তলত আৰক্ষীয়ে উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে চোৰাং ভাৱে সৰবৰাহ কৰা ১০টা গৰু।

জখলাবন্ধা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া পৱন কলিতাৰ নেতৃত্বত আৰক্ষীৰ এটা দলে গোপন সূত্ৰৰ পমখেদি অভিযান চলায় গোলাঘাটৰ বিহৰা বজাৰৰ পৰা যোৰাবাট অভিমুখী AS12CC0671 নম্বৰৰ মহিন্দ্ৰা বলেৰ’ পিক আপ বাহন খনৰ পৰা এই চোৰাং গৰুসমূহ উদ্ধাৰ কৰে।

গো-মাফিয়াই আৰক্ষীৰ চকুত ধূলি দিবলৈ প্লাষ্টিকৰ ৰছীৰে গো-ধনসমূহ মেৰিয়াই মেৰিয়াই বান্ধি ওপৰত শাক-পাচলিৰ কাৰ্টন ভৰ দি লুকুৱাই আনিছিল।

পিছে চোৰাং গৰু সৰবৰাহকাৰী চক্ৰৰ এই কৌশল ব্যৰ্থ কৰি জখলাবন্ধা আৰক্ষীয়ে।

আৰক্ষীয়ে বাহনখনৰ চালক আৰু হেণ্ডিমেন ক্ৰমে নাজিবুৰ ৰহমান আৰু দিলদাৰ হুছেইনক আটক কৰিছে।

দুয়োৰে ঘৰ কলিয়াবৰৰ ২নং বৰঘূলিত বুলি জানিব পৰা গৈছে।