গৰুৰ শ ভক্ষণ কৰি মৃত্যুমুখত পৰিল ২৫ টাকৈ শগুন

নিউজ ডেস্ক। প্ৰকৃতিৰ জামাদাৰ ‘শগুন’ সংৰক্ষণৰ বাবে বিভিন্ন প্ৰকৃতিপ্ৰেমী সংগঠন, চৰকাৰী সংস্থাই প্ৰয়াস চলাই থকাৰ মাজতে পুনৰ অস্বাভাৱিক মৃত্যু ঘটিল ২৫ টাকৈ শগুনৰ।

এইবাৰ ঘটনাৰ স্থান শিৱসাগৰ।

জানিব পৰা মতে, গৰুৰ মৰাশ ভক্ষণ কৰি ২৫ টাকৈ হিমালয়ান গ্রিফন আৰু হোৱাইট বেক প্ৰজাতিৰ শগুনৰ মৃত্যু ঘটে।

ইয়াৰ উপৰি আন ৯ টাকৈ শগুন বিষক্ৰিয়াত আক্ৰান্ত হৈ মৃত্যু যন্ত্ৰণাত চটফটাই আছে।

জানিব পৰা মতে, শিৱসাগৰৰ সমীপৱৰ্তী চিতলীয়া নাওজান বিলৰপাৰত কোনো লােকে মুকলিকৈ পেলাই থৈ যোৱা এটা গৰু আৰু ম’হৰ পোৱালিৰ শ ভক্ষণ কৰিছিল বিৰল প্ৰজাতিৰ শগুনৰ এটা জাকে।

সােমবাৰে পুৱাৰে পৰা উক্ত গৰু আৰু ম’হৰ মৰাশ পৰি থকা স্থানৰ সমীপতেই বহুসংখ্যক শগুন অতি সংকটজনক অৱস্থাত ছটফটাই থকা প্ৰত্যক্ষ কৰে একাংশ ব্যক্তিয়ে।

ঘটনাৰ খবৰ পােৱাৰ পিছতে বন বিভাগৰ দল এটাই লগতে পশু চিকিৎসকক লৈ ঘটনাস্থলীত উপস্থিত হয়।

দলটোৱে তাৎক্ষণিকভাৱে ঘটনাস্থলীৰ পৰা মুঠ ৯ টা অতি অসুস্থ অৱস্থাত ছটফটাই থকা শগুন উদ্ধাৰ কৰি প্ৰাথমিক চিকিৎসা চৰগুৱাস্থিত বিশেষ চিকিৎসা কেন্দ্ৰলৈ প্ৰেৰণ কৰে।

ইয়াৰ পাচতেই দলটোৱে উক্ত মৰাশ পৰি থকা পথাৰখনৰ পৰা মুঠ ২৫ টা মৃত শগুনৰ শ উদ্ধাৰ কৰে।

বন বিভাগৰ দলটোৱে সম্পূর্ণ নীতি-নিয়ম অনুসৰি পশু চিকিৎসকৰ সহায়ত আটাইকেইটা মৃত শগুনৰ মৰাশ, মৰণোত্তৰ পৰীক্ষা কৰাৰ অন্তত ঠাইতে সমাধিস্থ কৰাৰ ব্যৱস্থা কৰে।

ইতিমধ্যে বন বিভাগে বন্যপ্ৰাণী সুৰক্ষা আইনৰ অধীনত এটা গোচৰ ৰুজু কৰিছে।