গৰুখুঁটি কাণ্ডঃ উচ্ছেদ সমৰ্থনকাৰীক দৰং জিলাত নিষিদ্ধ ঘোষণা…

গৰুখুঁটিৰ উচ্ছেদক লৈ ৰাজ্যজুৰি এতিয়াও অব্যাহত আছে উত্তেজনা।

বিৰোধী ৰাজনৈতিক দলৰ লগতে বিভিন্ন দল সংগঠনে দখলকাৰী পক্ষত থিয় দি চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিছে।

এনে পৰিস্থিতিৰ মাজতে সংগ্ৰামী সতীৰ্থ সন্মিলনে দৰং জিলাত বেদখলকাৰীৰ পক্ষ লোৱা, বেদখলকাৰীৰ হৈ ওকালটি কৰাসকলক নিষিদ্ধ ঘোষণা কৰিছে।

এক প্ৰেছ বিজ্ঞপ্তিৰ জৰিয়তে সংগঠনটোৱে এই বিষয়ে সবিশেষ জনাইছে।

প্ৰেছ বিজ্ঞপ্তিত উল্লেখ কৰিছে, ঐতিহাসিক অসম আন্দোলনৰ জন্মস্থান ছিপাঝাৰৰ চৰ অঞ্চলত সন্দেহজনক নাগৰিকে চৰকাৰী মাটি বেদখল কৰিছে।

অসম চৰকাৰে অসমীয়া খিলঞ্জীয়া মানুহৰ সুৰক্ষিত ভৱিষ্যতৰ প্ৰতি লক্ষ্য ৰাখি বেদখল উচ্ছেদ কৰিছে। অসম চৰকাৰৰ পদক্ষেপক আমি আদৰণি জনাইছো।

অসমৰ যিকেইটা ৰাজনৈতিক দলে চৰকাৰী মাটি বেদখল কৰা সন্দেহযুক্ত বাংলাদেশী নাগৰিকৰ পক্ষ লৈছে আৰু বেদখলকাৰীৰ হৈ ওকালটি কৰিছে সেইবোৰ ৰাজনৈতিক দল, সংগঠনসমূহক দৰং জিলাত নিষিদ্ধ ঘোষণা কৰা হ’ল।

আনহাতে শূন্যত গদা ঘুৰোৱা বুদ্ধিজীৱি সকলে শুনক বুলি উল্লেখ কৰি সংগঠনটোৱে কয় যে, ছিপাঝাৰ বিধানসভা সমষ্টিত ১ লাখ ৭৮ হাজাৰ ভোটাৰ আছে। ইয়াৰে আনুমানিক প্ৰায় ১ লাখ ৬১ হাজাৰ অসমীয়া মানুহ।

কিন্তু এই ১ লাখ ৬১ হাজাৰ অসমীয়া মানুহে এতিয়ালৈকে আইন হাতত তুলি লোৱা নাই। ৭৭ হাজাৰ ৪২০ বিঘা ২ কঠা মাটিৰ বেদখল হোৱা বিষয় অসম চৰকাৰ আৰু আদালতক জনোৱা হৈছে।

২৩.০২.২০১৫ তাৰিখৰ পৰা বৰ্তমান লৈ দৰং জিলা সত্ৰ ন্যায়াধীশৰ আদালতত চৰ অঞ্চলৰ বেদখল সম্পৰ্কত গোচৰ চলি আছে। ২০১৭ চনত দৰং জিলা প্ৰশাসনে বেদখলকাৰীৰ নাম আদালতত জমা দিছে।

সংগ্ৰামী সতীৰ্থ সন্মিলন ছিপাঝাৰে প্ৰেছ বিজ্ঞপ্তিত উল্লেখ কৰা অনুসৰি ১৯৭৯ চনৰ পৰা ২০১৫ চনলৈ বিভিন্ন সময়ত সদৈ দৰং জিলা ছাত্ৰ সন্থাৰ সভাপতি , সম্পাদক আদি পদত থকা ব্যক্তিসকলক লৈ সংগ্ৰামী সতীৰ্থ সন্মিলন ছিপাঝাৰ। এই সংগঠনটোৰ অধিক সংখ্যক সদস্য অসম আন্দোলনত জড়িত।

Leave a Comment