গৰুখুঁটিৰ পাছত এইবাৰ আজি হোজাইৰ লামডিং বনাঞ্চলত চলিব উচ্ছেদ অভিযান।
লামডিং বনাঞ্চল উচ্ছেদৰ বাবে সম্পূৰ্ণৰূপে সাজু হৈছে প্ৰশাসন।
সোমবাৰ আৰু মঙলবাৰে দুটাকৈ পৰ্যায়ত উচ্ছেদ চলিব বনাঞ্চলখনত।
বনাঞ্চলখনৰ ভেটনলা আৰু কমৰপানীত চলিব প্ৰশাসনৰ উচ্ছেদ।
উচ্ছেদৰ সময়ত যাতে অপ্ৰীতিকৰ পৰিস্থিতিৰ উদ্ভৱ নহয় তাৰবাবে কটকটীয়া নিৰাপত্তা ব্যৱস্থা গঢ়ি তুলিছে জিলা প্ৰশাসনে।
পৰিস্থিতি ভয়াৱহ হোৱাৰ আশংকাত ইতিমধ্যে মোতায়েন কৰা হৈছে অৰ্ধসামৰিক বাহিনী।
হোজাই জিলাৰ বন বিভাগ, হোজাই আৰক্ষীসহ চিআৰপিএফৰ চাৰিটা বেটেলিয়ানৰ সহযোগত প্ৰশাসনে প্ৰথম পৰ্যায়ত লামডিং বনাঞ্চলৰ কমৰপানী আৰু বেটনলা অঞ্চলৰ ৫০০ হেক্টৰ মাটিত এই উচ্ছেদ অভিযান চলিব।
ইতিমধ্যে, উচ্ছেদিত হ’বলগীয়া অঞ্চলৰ পৰা বহুলোক ওলাই আহি লামডিং বনাঞ্চলৰ জানজু অঞ্চলত কেম্প পাতি আছে।









