অসম

গৰুখুঁটিৰ উচ্ছেদিত ৰাইজে ভোট নিদিয়াৰ কাৰণে মুখ্যমন্ত্ৰীয়ে প্ৰতিশোধ লৈছেঃ আব্দুল খালেক…

গৰুখুঁটিৰ উচ্ছেদক লৈ ৰাজ্যজুৰি বৰ্তমানেও অব্যাহত আছে উত্তেজনা।

উচ্ছেদক লৈ হোৱা হিংসাত্মক ঘটনাৰ বাবে চৰকাৰ প্ৰশাসনক সমালোচনা কৰিছে বিৰোধী ৰাজনৈতিক দলৰ লগতে বিভিন্ন দল সংগঠনে।

গৰুখুঁটিৰ উচ্ছেদৰ ঘটনাক লৈ এইবাৰ বিস্ফোৰক মন্তব্য কৰিছে বৰপেটাৰ সাংসদ আব্দুল খালেকে।

সাংসদ গৰাকীয়ে কয়- ‘গৰুখুঁটিৰ উচ্ছেদিত ৰাইজে ভোট নিদিয়াৰ কাৰণে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰতিশোধ লৈছে।’

লগতে হিমন্ত বিশ্ব শৰ্মাক কেইটামান নিৰ্দিষ্ট সমষ্টিৰ মুখ্যমন্ত্ৰী হোৱাৰ বিপৰীতে সমগ্ৰ অসমৰ মুখ্যমন্ত্ৰী হ’বলৈ আহ্বান জনাই সাংসদগৰাকীয়ে।

ইয়াৰ উপৰি অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক ৰাজধৰ্ম পালনৰো আহ্বান জনায় সাংসদ আব্দুল খালেকে।

Leave a Reply

Your email address will not be published. Required fields are marked *