অসম

গ্ৰাহকৰ মূৰত ৰামটাঙোন, ১০২০ টকাৰ চিলিণ্ডাৰত ওলাল ২৫ লিটাৰ পানী….

ৰাজ্যত প্ৰতিদিনে অভাৱনীয় হাৰত বৃদ্ধি পাইছে অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য।

বৃদ্ধি পাইছে ৰন্ধন গেছৰ চিলিণ্ডাৰৰ মূল্যও।

ইয়াৰ মাজতে মৰিগাঁও জিলাৰ লাহৰীঘাটত সংঘটিত হৈছে এক আজৱ ঘটনা। এ

টা গেছ এজেন্সীৰ পৰা গ্ৰাহকে ক্ৰয় কৰা চিলিণ্ডাৰৰ পৰা ওলাল ২৫ লিটাৰকৈ পানী।

চিলিণ্ডাৰত গেছৰ পৰিৱৰ্তে পানী ওলোৱা ঘটনাই সমগ্ৰ অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি কৰে।

image 34

লাহৰীঘাট বজাৰ স্থিত শান্তি ইণ্ডেন ছাৰ্ভিচ নামৰ গেছ এজেন্সীত সংঘটিত হ’ল এই আজৱ কাণ্ড।

উল্লেখ্য যে লাহৰীঘাট আৰক্ষী থানাৰ অন্তৰ্গত বৰবৰি গাঁৱৰ ইক্ৰামুল ইছলাম নামৰ এজন ব্যক্তিয়ে ছয় এপ্ৰিলত এটা চিলিণ্ডাৰ ক্ৰয় কৰি ঘৰলৈ নিছিল। কিন্তু ঘৰত গেছ শেষ হোৱাত আজি গেছটো ব্যৱহাৰ কৰিবলৈ লওতে জুই নজ্বলাত গ্ৰাহকজনে ধৰা পেলাই ঘটনাটো।

গ্রাহকজনে ১০২০ টকাৰে ক্ৰয় কৰিছিল চিলিণ্ডাৰটো। তেওঁ পৰীক্ষা কৰাত চিলিণ্ডাৰটোৰ পৰা ধাৰাসাৰে পানী ওলাব ধৰাত আঁচৰিত হয়। চিলিণ্ডাৰটোৰ পৰা প্ৰায় ২৫ লিটাৰ পানী বাহিৰ হয়।

পূর্বেও এনে বহুতো দুর্নীতি সংঘটিত কৰাৰ অভিযোগ আছে লাহৰীঘাটৰ শান্তি গেছ এজেন্সীৰ বিৰুদ্ধে।

Leave a Reply

Your email address will not be published. Required fields are marked *