গুৱাহাটী ৰে’লৱে ষ্টেছনত জব্দ প্ৰায় ডেৰ কোটি টকা, ৩জনক আটক

গুৱাহাটী ৰে’লৱে ষ্টেছনত মঙলবাৰে ৰে’ল আৰক্ষীৰ অভিযানত জব্দ হ’ল প্ৰায় ডেৰ কোটি টকা।

ৰে’ল আৰক্ষীয়ে তেজছ এক্সপ্ৰেছত অভিযান চলাই তিনিটা বেগৰ পৰা মুঠ ১ কোটি ৪৮ লাখ ৩০ হাজাৰ ৬০০ টকা জব্দ কৰে। ঘটনা সন্দৰ্ভত ৰে’ল আৰক্ষীয়ে ৩ জন যুৱকক আটক কৰিছে।

জানিব পৰা মতে, ধৃত অভিষেক শৰ্মা নামৰ যুৱকজনে সোমবাৰে এই বৃহৎ পৰিমাণৰ নগদ ধনখিনি অৰুণাচল প্ৰদেশৰ পৰা গুৱাহাটী ৰে’ল ষ্টেছনলৈ আনিছিল।

P4
গুৱাহাটী ৰে’লৱে ষ্টেছনত জব্দ প্ৰায় ডেৰ কোটি টকা, ৩জনক আটক 3

ইফালে গুৱাহাটী ষ্টেছনৰ আশে পাশে হোটেলত বাহৰ পাতি থকা আন দুজন যুৱকৰ সৈতে এই ধনখিনি মঙলবাৰে দিল্লীলৈ নিয়াৰ পৰিকল্পনা কৰিছিল।

অৱশ্যে টকাখিনি কাৰ, কিয় আৰু কাক দিবলৈ ধৃত লোক কেইজনে আনিছিল সেই সন্দৰ্ভত এতিয়াও তথ্য লাভ কৰিব পৰা নাই ৰে’ল আৰক্ষীয়ে।

ধৃত যুৱক কেইজনক ক্ৰমে- উত্তৰ প্ৰদেশৰ অভিষেক শৰ্মা, উমেশ চান্দ শৰ্মা আৰু নতুন দিল্লীৰ পৱন কুমাৰ বুলি চিনাক্ত কৰা হৈছে।

p5
গুৱাহাটী ৰে’লৱে ষ্টেছনত জব্দ প্ৰায় ডেৰ কোটি টকা, ৩জনক আটক 4

অন্যহাতে এই বৃহৎ পৰিমানৰ নগদ টকাখিনি জব্দ কৰাৰ সময়ত ধৃত তিনি যুৱকে হৰেন্দ্ৰ বৰ্মন নামৰ ৰে’ল আৰক্ষীৰ কনিষ্টবল জনক ২ লাখ টকা উৎকোচ দিয়াৰ চেষ্টা কৰিছিল বুলি জানিব পৰা গৈছে।

অৱশ্যে নিষ্ঠাবান কনিষ্টবল গৰাকীয়ে সেই ধন ল’বলৈ অস্বীকাৰ কৰে আৰু প্ৰায় ডেৰ কোটি টকা জব্দ কৰাৰ উপৰিও অভিযুক্ত তিনিওজনক আটক কৰে।

Leave a Comment