গুৱাহাটী শোধনাগাৰৰ মহাপ্ৰৱন্ধক বীৰেন্দ্ৰ কুমাৰ ঝাক গ্ৰেপ্তাৰ…

মহানগৰীৰ নুনমাটিস্থিত গুৱাহাটী শোধনাগাৰৰ মহাপ্ৰৱন্ধক বীৰেন্দ্ৰ কুমাৰ ঝাক গ্ৰেপ্তাৰ।

ভুৱা মেইল প্ৰেৰণ কৰি গ্ৰেপ্তাৰ হয় বিষয়াগৰাকী।

জানিব পৰা মতে, গুৱাহাটী শোধনাগাৰত দীৰ্ঘদিন ধৰি দুৰ্নীতি আৰু ভ্ৰষ্টাচাৰ চলি থকা বুলি মনিকা আনন্দ নামৰ ই-মেইলৰ পৰা ভাৰতীয় তেল নিগমৰ কৰ্তৃপক্ষলৈ এখন অভিযোগ পত্ৰ প্ৰেৰণ কৰিছিল।

ইয়াৰ পিছথে ভাৰতীয় তেল নগমে চমুকৈ আই অ’ চিয়ে ঘটনা সন্দৰ্ভত গুৱাহাটী শোধনাগাৰ কৰ্তৃপক্ষক তদন্তৰ নিৰ্দেশ প্ৰদান কৰিছিল।

তাৰ পাছতেই ৩ জুনত এজাহাৰ দাখিল কৰিছিল গুৱাহাটী শোধনাগাৰৰ মুখ্য মহাপ্ৰৱন্ধক হীতাজী ভট্টাচার্যই।

এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে ভাৰতীয় দণ্ডবিধিৰ 417/419/190/506 নং ধাৰা আৰু ৬৬/৬৬ (ডি) আইটি এক্টৰ অধীনত থানাত ২৬৫/২২ নম্বৰত এটা গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰিছিল।

আৰক্ষীৰ প্ৰাথমিক তদন্তত 60023-92426 নম্বৰৰ ফোনৰ পৰা আই অ’ চিৰ শীৰ্ষ বিষয়ালৈ ই-মেইল প্ৰেৰণ কৰিছিল বুলি তথ্য লাভ কৰে।

ইয়াৰ পিছতে আৰক্ষীয়ে অভিযান চলাই 60023-92426 নম্বৰৰ মবাইল ফোনৰ গৰাকী গুৱাহাটী শোধনাগাৰৰ মহাপ্ৰৱন্ধক বীৰেন্দ্ৰ কুমাৰ ঝা বুলি আৰক্ষীয়ে ধৰা পেলায়।

তাৰ পাছতেই বৃহস্পতিবাৰে নুনমাটি আৰক্ষীয়ে মহাপ্ৰৱন্ধক বীৰেন্দ্ৰ কুমাৰ ঝাক গ্রেপ্তাৰ কৰে।