অসম

গুৱাহাটী মহানগৰীত শীঘ্ৰেই বন্ধ হ’ব পেট্ৰ’ল-ডিজেল চালিত বাছ…

গুৱাহাটী মহানগৰীত শীঘ্ৰেই বন্ধ হ’ব পেট্ৰ’ল-ডিজেল চালিত বাছ।

শীঘ্ৰেই গুৱাহাটীৰ ৰাজপথত দেখিবলৈ পোৱা যাব কেৱল ইলেকট্ৰিক আৰু CNG বাছ৷

আগন্তুক এবছৰৰ ভিতৰত গুৱাহাটীত কেৱল ইলেকট্ৰিক আৰু CNG বাছৰ চলাচল হ’ব৷

বিজেপিৰ নেতৃত্বত ৰাজ্য চৰকাৰৰ এশ দিন সম্পূৰ্ণ হোৱাৰ উপলক্ষে চৰকাৰৰ 100 দিনৰ কামৰ খতিয়ান দাঙি ধৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই কথা ঘোষণা কৰে৷

লগতে মুখ্যমন্ত্ৰীগৰাকীয়ে কয়- প্ৰথম পৰ্যায়ত অসম ৰাজ্যিক পৰিবহন নিগমৰ বাছসমূহক এই ব্যৱস্থাত সামৰি লোৱা হ’ব৷ পৰৱৰ্তী সময়ত বাকী বাছসমূহকো ইয়াৰ অন্তৰ্ভুক্ত কৰা হ’ব৷

মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে, এএছটিচি(Assam State Transport Corporation)এ কোনো পেট্ৰ’ল নাইবা ডিজেল ইঞ্জিনৰ বাছ নচলাই।

ইয়াৰ বাবে ৰাজ্য চৰকাৰে ২০০ খন ইলেকট্ৰিক বাছ আৰু ১০০ খন CNG ক্ৰয় কৰিব বুলিও সদৰি কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে৷

Leave a Reply

Your email address will not be published. Required fields are marked *