অসমঅসমীয়া

গুৱাহাটীত চিটিবাছত উঠিলেই দিব লাগিব ১৭ টকা ভাড়া!

নিউজ ডেস্ক। জনতাৰ ওপৰত মূল্যবৃদ্ধিৰ মাধমাৰ!

পেট্ৰ’ল-ডিজেলৰ অভাৱনীয় দাম বৃদ্ধিৰ পিছত এতিয়া ৰাজ্যত যাত্ৰীবাহী বাছৰ ভাড়া ৭০ শতাংশ বৃদ্ধি কৰাৰ প্ৰস্তাৱ প্ৰদান কৰা হৈছে ৰাজ্যিক পৰিবহণ আয়ুক্তক। যাৰ বাবে এতিয়া সাধাৰণ জনতাৰ সমস্যা দুগুণ বৃদ্ধি পোৱাৰ সম্ভাৱনা গাঢ় হৈ পৰিছে।

সদৌ অসম মটৰ পৰিবহন সন্থাৰ সচিব প্ৰদীপ দাসে প্ৰকাশ কৰা মতে, পেট্ৰ’লজাতীয় সামগ্ৰীৰ অধিক মূল্যৰ ফলশ্ৰুতিত এতিয়া বাছভাড়া বৃদ্ধি কৰিবলগা পৰিস্থিতিৰ সৃষ্টি হৈছে।

G4 4

সেই অনুসৰি মটৰ পৰিবহন সন্থাই ভাড়া ৭০ শতাংশ বৃদ্ধি কৰাৰ প্ৰস্তাৱ দিছে পৰিবহণ আয়ুক্তক।

উল্লেখ্য যে, পৰিবহণ সন্থাৰ এই প্ৰস্তাৱ কাৰ্যকৰী হ’লে মহানগৰীত চিটিবাছত উঠা মাত্ৰকেই যাত্ৰীয়ে প্ৰদান কৰিব লাগিব ১৭ টকা।

আনহাতে নলবাৰীৰ পৰা গুৱাহাটীলৈ যাবলগীয়া হ’লে পূৰ্বৰ ৭০ টকাৰ ঠাইত এতিয়া যাত্ৰীয়ে ভৰিবলগা হ’ব ১৪০ টকা।

মূল্যবৃদ্ধিৰ এনে ভয়াবহ দিনত যাত্ৰীবাহী বাছৰ ভাড়া বৃদ্ধিয়ে আতংকিত কৰিছে সাধাৰণ জনতাক।

পেট্ৰ’ল-ডিজেলৰ দাম বৃদ্ধিৰ পিছত অনেক সাধাৰণ আৰু মধ্যবিত্ত শ্ৰেণীয়ে তেওঁলোকৰ দুচকীয়া-চাৰিচকীয়া বাহনখন ঘৰতে সজাই থবলগীয়া হৈছিল। যাত্ৰীবাহী বাহনত যাত্ৰা কৰি তেওঁলোকে কিছু সকাহ অনুভৱ কৰিলেও এতিয়া যেন তেওঁলোকৰ বাবে চাইকেলখনেই শেষ ভৰষা হৈ পৰিব।

প্ৰণিধানযোগ্য যে, ইয়াৰ পূৰ্বে ৰাজ্য চৰকাৰে বাছ ভাড়া বৃদ্ধিৰ প্ৰস্তাব দিছিল যদিও পৰিবহন বিভাগে এই প্ৰস্তাব এৰাধৰাৰ মাজেৰে কাৰ্যকৰী কৰিছিল। কিন্তু এতিয়া একেবাৰে ৭০ শতাংশ ভাড়া বৃদ্ধিৰ প্ৰস্তাৱ পৰিবহন বিভাগে মানি লয় নে নলয় সেয়া পৰৱৰ্তী সময়ত লক্ষণীয় হব।

Leave a Reply

Your email address will not be published. Required fields are marked *