গুৱাহাটীত আটক বাংলাদেশৰ যুৱক।
আটকাধীন যুৱকজনৰ নাম মহম্মদ ছোহেল ৰাণা।
গুৱাহাটীৰ জাপৰিগোগত ঘূৰি থকা অৱস্থাত আটক কৰে আৰক্ষীয়ে।
গুৱাহাটীৰ জাপৰিগোগ অঞ্চলত ঘূৰি থকা অৱস্থাত স্থানীয় ৰাইজে প্ৰথমে যুৱকজনক আটক কৰে।

দুদিন পূৰ্বে ঢাকাৰ পৰা গুৱাহাটীলৈ আহিছিল যুৱকজন।
যুৱকজনৰ পৰা উদ্ধাৰ কেইবাখনো বাংলাদেশী নোটৰ লগতে এখন বাংলাদেশৰ পৰিচয় পত্ৰ।
আটকাধীন যুৱকজনক বৰ্তমান দিছপুৰ আৰক্ষী থানাত ৰখা হৈছে।









