গাড়ীৰ ডিলাৰৰ মহিলা কৰ্মচাৰীক নৈশ যাপনৰ প্ৰস্তাৱ দি বিপদত পৰিল AMC ৰ জ্যেষ্ঠ চিকিৎসক…

নিউজ ডেস্ক। বাহন ক্ৰয় কৰিবলৈ যােৱা গ্ৰাহকসকলক বিভিন্ন সময়ত ডিলাৰৰ ফালৰ পৰা ‘অফাৰ’ দিয়া হয়।

মূলতঃ গ্ৰাহকক আকৰ্ষিত কৰি বাহনৰ বিক্ৰী বৃদ্ধি কৰাৰ লক্ষ্যৰে দিয়া হয় এনে বিশেষ অফাৰ।

পিছে এইবাৰ ডিলাৰৰ পৰা এগৰাকী মহিলা কৰ্মচাৰীক এনিশাৰ বাবে ‘অফাৰ’ত বিচাৰি বিতৰ্কত সােমাই পৰিল অসম চিকিৎসা মহাবিদ্যালয়ৰ এজন চিকিৎসক।

এই চিকিৎসকগৰাকী হৈছে অসম চিকিৎসা মহাবিদ্যালয়ৰ প্ৰসূতি বিভাগৰ চিকিৎসক লিথিংগা লোথাৰ।

G3 6
গাড়ীৰ ডিলাৰৰ মহিলা কৰ্মচাৰীক নৈশ যাপনৰ প্ৰস্তাৱ দি বিপদত পৰিল AMC ৰ জ্যেষ্ঠ চিকিৎসক... 4

ইতিমধ্যে ভুক্তিভােগী মহিলা কৰ্মচাৰীগৰাকীয়ে চিকিৎসকজনৰৰ বিৰুদ্ধে ডিব্ৰুগড় সদৰ থানাত গােচৰ ৰুজু কৰিছে।

জানিব পৰা মতে, চিকিৎসকজনে ডিব্ৰুগড়ৰ বিমল অট’ নামৰ গাড়ী ডিলাৰৰ পৰা এখন বিলাসী বাহন ক্ৰয় কৰিছিল বৃহস্পতিবাৰে।

বাহন ক্ৰয় কৰাৰ সময়ত ডিলাৰৰ এগৰাকী মহিলা কৰ্মচাৰীক এই অশ্লীল প্রস্তাৱ দিয়ে চিকিৎসকগৰাকীয়ে।

বাহনখনৰ লগত অফাৰ হিচাপে অতিৰিক্ত কি কি পোৱা যাব বুলি সোধাৰ লগতে অফাৰ হিচাপে ছেলছ গার্লগৰাকীক এৰাতি তেওঁৰ লগত কটাবলৈ কৈছিল চিকিৎসকজনে।

ডিলাৰৰ আন কেইবাজনো কৰ্মচাৰীৰ উপস্থিতিতেই এই অশ্লীল প্রস্তাৱ দিছিল চিকিৎসকজনে। ইয়াৰ পাছতেই সৃষ্টি হৈছিল উত্তপ্ত পৰিস্থিতিৰ।

ইতিমধ্যে চিকিৎসকজনক বিমল অট’ এজেঞ্চিৰ ডিলাৰৰ পৰা ওভতাই দিয়া হৈছে চেক।

এই ঘটনা সংক্রান্তত ডিব্ৰুগড় সদৰ থানাত আৰক্ষীয়ে ৫১৭/২২ নম্বৰত গোচৰ ৰুজু কৰি অব্যাহত ৰাখিছে তদন্ত।

জানিব পৰা মতে, এই মহিলা কৰ্মচাৰীগৰাকীৰ বিৰুদ্ধে প্রতি-গোচৰ ৰুজু কৰিছে চিকিৎসক লিথিংগা লোথাই।

ইপিনে, এক সংবাদমেলৰ জৰিয়তে অভিযুক্ত চিকিৎসকজনে এই সমগ্ৰ ঘটনা সন্দৰ্ভত নিজৰ স্থিতি সন্দৰ্ভত মন্তব্য প্ৰদান কৰে।

তেওঁ অভিযােগকৰী কৰ্মচাৰীগৰাকীৰ বিৰুদ্ধে ব্লেকমেইলিংৰ অভিযােগ উত্থাপন কৰাৰ লগতে সমগ্ৰ ঘটনাক মিছা আৰু উদ্দেশ্যপ্ৰাণােদিত বুলি দাবী কৰে।

লগতে চাওকঃ

আৰক্ষীৰ পোছাকত পাৰ্লাৰত বহি যুৱতীৰ দ্বাৰা লৈ আছিল মালিচ, ভিডিঅ’ ভাইৰেল হোৱাৰ পিছতে নিলম্বন আৰক্ষী বিষয়াক

police massage
গাড়ীৰ ডিলাৰৰ মহিলা কৰ্মচাৰীক নৈশ যাপনৰ প্ৰস্তাৱ দি বিপদত পৰিল AMC ৰ জ্যেষ্ঠ চিকিৎসক... 5

শােকাৱহ! অন্য জিলাৰ কৰ্তব্যস্থলীৰ পৰা ঘৰলৈ ওভতাৰ পথত দুৰ্ঘটনাত প্ৰাণ গ’ল টেট শিক্ষক গণেশ মণ্ডলৰ…

G9 1
গাড়ীৰ ডিলাৰৰ মহিলা কৰ্মচাৰীক নৈশ যাপনৰ প্ৰস্তাৱ দি বিপদত পৰিল AMC ৰ জ্যেষ্ঠ চিকিৎসক... 6