অসম

গান্ধী জয়ন্তী উপলক্ষে মুখ্যমন্ত্ৰীৰ ঘোষণাঃ শৰণীয়া পাহাৰত চলিব অবৈধ বেদখলকাৰীৰ উচ্ছেদ অভিযান…

আজি জাতীৰ পিতা মহাত্মা গান্ধীৰ ১৫২ সংখ্যক জন্ম দিৱস।

গান্ধী মণ্ডপ স্থিত মহাত্মা গান্ধীৰ মুৰ্তিত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

Image

উক্ত অনুষ্ঠানত মুখ্যমন্ত্ৰীগৰাকীয়ে কয়- অবৈধ বেদখলকাৰীৰ বিৰুদ্ধে উচ্ছেদ অভিযান চলিব শৰণীয়া পাহাৰত।

তেওঁ কয়- ‘শৰণীয়া পাহাৰত খিলঞ্জীয়া লোকক বাদ দি একাংশ অবৈধ লোক বহিছে। এই সকলক উচ্ছেদ কৰিবলৈ নিৰ্দেশ দিয়া হৈছে। শৰণীয়া পাহাৰত মদ ভাঙৰো আড্ডা চলে। গতিকে জিলা প্ৰশাসনক উচ্ছেদ কৰিবলৈ নিৰ্দেশ।

গান্ধীজীয়ে জিৰণি লোৱা শৰণীয়া পাহাৰত থকা গান্ধী মণ্ডপত গান্ধী জয়ন্তীৰ অনুষ্ঠান আয়োজন কৰি এইদৰে কয় মুখ্যমন্ত্ৰীয়ে।

লগতে মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে, শৰণীয়া পাহাৰত এটা প্ৰকল্প নিৰ্মাণৰ পৰিকল্পনা কৰা হৈছে। য’ত থাকিব এটা গান্ধীজীৰ মিউজিয়াম, সৰু সৰ্বধৰ্মীয় প্ৰাৰ্থনা সভা কক্ষ।

Leave a Reply

Your email address will not be published. Required fields are marked *