অসম

গাঁওৰক্ষী বাহিনীৰ অভিযানত আটক নকল সোণসহ তিনি ব্যৱসায়ী…

গাঁওৰক্ষী বাহিনীৰ অভিযানত আটক নকল সোণসহ তিনি ব্যৱসায়ী।

কামপুৰৰ কচুৱা আৰক্ষী থানাৰ অন্তৰ্গত শিঙিমাৰী বজাৰত বৃহস্পতিবাৰে নকল সোণসহ তিনি ব্যৱসায়ীক আটক কৰে।

স্থানীয় গাঁওৰক্ষী বাহিনীয়ে আটক কৰি লোক কেইজনক গতাই দিয়ে আৰক্ষীক।

নকল সোণখিনিৰ পৰিমাণ দুই কেজি এশ গ্ৰাম বুলি জানিব পৰা গৈছে।

আটক কৰা লোক কেইজন হৈছে বিহাৰৰ ঝাৰবান জিলাৰ।

লোককেইজনৰ নাম ক্ৰমে ধমেন্দ্ৰ প্ৰজাপত (৩৫), ৰামলাল প্ৰজাপত (৩৫) আৰু এগৰাকী মহিলা।

উল্লেখযোগ্য যে দীৰ্ঘদিন ধৰি কচুৱা থানাৰ বিভিন্ন এলেকাত নকল সোণৰ ব্যৱসায় চলাই গৈছিল লোককেইজনে।

অৱশেষত বৃহস্পতিবাৰে শিঙিমাৰী বজাৰত নকল সোণ বিক্ৰী কৰিবলৈ আহোতেই হাতে লোটে ধৰা পৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *