অসম

গণৰাজ্য দিৱসত আলফাই কোনো বন্ধ নিদিয়াৰ বাবে পৰেশ বৰুৱাক ধন্যবাদ মুখ্যমন্ত্ৰীৰ…

গণৰাজ্য দিৱসত আলফাই কোনো বন্ধ নিদিয়াৰ বাবে পৰেশ বৰুৱাক ধন্যবাদ মুখ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ।

স্বাধীনতা দিৱসৰ পিছত গণৰাজ্য দিৱসৰ দিনটোত পূৰ্বৰে পৰা দি অহা বন্ধৰ কাৰ্যসূচী এইবাৰ দিয়া নাই পৰেশ বৰুৱা নেতৃত্বাধীন আলফা স্বাধীনে৷

অতিমাৰী ক’ভিডৰ বাবে সশস্ত্ৰ প্ৰতিবাদী কাৰ্যসূচীৰ লগতে বন্ধৰ কাৰ্যসূচী ঘোষণা কৰাৰ পৰা বিৰত আছে আলফা স্বাধীন৷

একপক্ষীয় যুদ্ধবিৰতিত থকা আলফা স্বাধীনৰ সৰ্বাধিনায়ক পৰেশ বৰুৱাৰ এই পদক্ষেপক আদৰণি জনাই মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই।

আলফা স্বাধীনক অৰ্থপূৰ্ণ আলোচনাৰ বাবে আহ্বান জনায় মুখ্যমন্ত্ৰীগৰাকীয়ে।

Leave a Reply

Your email address will not be published. Required fields are marked *