গঁড়ৰ খড়্গৰ চোৰাং ব্যৱসায়ী পলাতক ৰেহিমুদ্দিন আৰক্ষীৰ জালত।
গঁড় হত্যাৰ পৰিকল্পনা আৰু খৰ্গৰ গোপন ব্যৱসায়ৰ সৈতে জড়িত ৰেহিমুদ্দিন।
দুধৰ্ষ চোৰাং ব্যৱসায়ীক গ্ৰেপ্তাৰ কৰে ডি এফ অ’ৰমেশ কুমাৰ গগৈয়ে।
কাজিৰঙাৰ গঁড় হত্যা আৰু খড়্গৰ ব্যৱসায়ৰ সৈতে জড়িত থকা KR / 22/ 2020 নম্বৰ গোচৰত গুৱাহাটী উচ্চ ন্যায়লয়ৰ পৰা অগ্ৰিম জামিন লৈ দেওবাৰে কাজিৰঙাৰ ডি এফ অ’ৰ ওচৰত আত্মসৰ্পন কৰিবলৈ আহিছিল ৰহিমুদ্দিন নামৰ চোৰাং ব্যৱসায়ীজন।
নিজৰ অধিবক্তাক লৈ ডি এফ অ’ৰ ওচৰত আত্মসমৰ্পণ কৰিছিল ৰেহিমুদ্দিনে।
উচ্চ ন্যায়লয়ৰ অগ্ৰিম জামিনৰ বাবে উল্লেখিত গোচৰত ৰহিমুদ্দিনে জামিন লাভ কৰে।
কিন্তু লগে লগেই ৰেহিমুদ্দিনক কাজিৰঙাত কৰা গঁড় হত্যা আৰু খড়্গৰ চোৰাং ব্যৱসায়ৰ সৈতে জড়িত থকাৰ KR / 23 / 2020 নম্বৰৰ অন্য এটা গোচৰত গ্ৰেপ্তাৰ কৰা হয়।
ধৃত ৰেহিমুদ্দিনক সম্প্ৰতি জেৰা কৰিছে বন বিষয়া সকলে৷
অচিৰেই তেওঁ আদালতত হাজিৰ কৰি জেল হাজোতলৈ প্ৰেৰণ কৰা হ’ব বুলি জানিব পৰা গৈছে৷









