খড়গপুৰ IITত অসমৰ এজন ছাত্ৰৰ ৰহস্যজনক মৃত্যু, মুখ্যমন্ত্ৰীৰ শোক প্ৰকাশ…

এক চাঞ্চল্যকৰ ঘটনা।

খড়গপুৰ IITত ৰহস্যজনক মৃত্যু অসমৰ এজন ছাত্ৰৰ।

হোষ্টেলৰ বন্ধ কোঠাত উদ্ধাৰ হৈছে অসমৰ ছাত্ৰজনৰ মৃতদেহ।

মৃত ছাত্ৰজন তিনিচুকীয়াৰ ফাইজান আহমেদ বুলি জানিব পৰা গৈছে।

হোষ্টেলৰ কোঠাৰ দুৱাৰ ভাঙি আৰক্ষীয়ে উদ্ধাৰ কৰে ছাত্ৰজনৰ মৃতদেহটো।

কোঠাৰ ভিতৰত মজিয়াত পৰি থকা অৱস্থাত উদ্ধাৰ হৈছে মেকানিকেল ইঞ্জিনীয়াৰিঙৰ তৃতীয় বৰ্ষৰ ছাত্ৰজনৰ মৃতদেহ।

উল্লেখ্য যে, দুদিন ধৰি হোষ্টেলৰ কোঠাৰ পৰা ওলাই অহা নাছিল ফাইজান আহমেদ। আৱাসিক ছাত্ৰই ফোন কৰিও বা দুৱাৰৰ ঢকিয়াইও লাভ কৰা নাছিল ফাইজানৰ কোনো সঁহাৰি।

সম্প্ৰতি আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত প্ৰক্ৰিয়া।

ইপিনে মেধা ছাত্ৰ জনৰ এই ৰহস্যজনক মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।