কৰ্তব্য সম্পাদন কৰি ঘৰলৈ ওভতাৰ পথত সন্ধানহীন আৰক্ষী জােৱান চন্দন বৈশ্য…

নিউজ ডেস্ক। এক চাঞ্চল্যকৰ ঘটনা।

ৰহস্যজনকভাৱে সন্ধানহীন এগৰাকী আৰক্ষী কনিষ্টবল।

সন্ধানহীন কনিষ্টবলজন নলবাৰীৰ আৰক্ষীৰ চন্দন বৈশ্য বুলি জানিব পৰা গৈছে।

অসম আৰক্ষীৰ বিশেষ শাখাত কৰ্মৰত আছিল চন্দন বৈশ্য।

G5 2
কৰ্তব্য সম্পাদন কৰি ঘৰলৈ ওভতাৰ পথত সন্ধানহীন আৰক্ষী জােৱান চন্দন বৈশ্য... 2

বিগত ১੦ দিন ধৰি সন্ধান নাই এইজন বিশেষ শাখাৰ কনিষ্টবল চন্দন বৈশ্যৰ।

ইপিনে, সন্ধানহীন হােৱাৰ পিছতে ৰহস্যজনক ভাৱে শৰাইঘাট দলঙৰ উদ্ধাৰ হৈছে চন্দন বৈশ্যৰ ব্যৱহৃত বাহনখন।

পুত্ৰ সন্ধানহীন হোৱা খবৰ লাভ কৰাৰে পৰা কান্দোনত ভাগি পৰিছে চন্দনৰ বৃদ্ধ পিতৃ-মাতৃ।

নলবাৰী শান্তিপুৰস্থিত চন্দনৰ বাসগৃহত এক শোকাকুল পৰিৱেশৰ সৃষ্টি হৈছে।

যােৱা ১ অক্টােবৰত গুৱাহাটীৰ বৰ্ষাপাৰাত অনুস্থিত হোৱা ভাৰত-দক্ষিণ আফ্ৰিকাৰ মাজত হোৱা ক্ৰিকেট খেলত দায়িত্বৰ বাবে নলবাৰীৰ পৰা গুৱাহাটীলৈ পঠিয়াইছিল চন্দনক।

চন্দন বৈশ্যৰ সন্ধান উলিয়াবলৈ মুখ্যমন্ত্ৰীলৈ কাতৰ আহ্বান জনাইছে চন্দন বৈশ্যৰ পৰিয়ালৰ লোকে ।