কৰ্তব্যত গাফিলতিৰ অভিযোগত নিলম্বিত হ’ল এগৰাকী আৰক্ষী বিষয়া।
চৰাইদেউ জিলাৰ কাকতিবাৰী আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়াক নিলম্বন।
আৰক্ষীৰ ঊৰ্ধ্বতন কৰ্তৃপক্ষই নিলম্বন কৰে OC শৰৎ শইকীয়াক।
জানিব পৰা মতে শনিবাৰে থানাখনৰ অন্তৰ্গত জাপিধৰাত এগৰাকী ছাত্ৰীক আক্ৰমণৰ ঘটনা সংঘটিত হৈছিল।
দুৰ্বৃত্তই ছাত্ৰীক আক্ৰমণ কৰি ঘৰৰ পিছফালে পেলাই থৈ গৈছিল।
ঘটনাটোৰ তদন্ত কৰাত আৰক্ষী বিষয়াজনে গাফিলতি কৰাৰ অভিযোগ উত্থাপন হৈছিল।
ঘটনাৰ সন্দৰ্ভত সোধ-পোছৰ বাবে চৰাইদেউ জিলা আৰক্ষীয়ে ৪ জন যুৱকক আটক কৰিছে।









