কৰ’ণাৰ ভয়ংকৰ সংক্ৰমণ! এইখন কেন্দ্ৰীয় বিদ্যালয়ৰ ৭ গৰাকীকৈ শিক্ষাৰ্থী ক’ভিড পজিটিভ…

ৰাজ্যত পুনৰ আৰম্ভ হৈছে কৰ’ণাৰ ভয়ংকৰ সংক্ৰমণ।

ৰাজ্যৰ কেইবাখনো শিক্ষানুস্থানত ছাত্ৰ-ছাত্ৰীৰ দেহত ক’ভিড ধৰা পৰাৰ সময়তে ৰঙিয়াৰ এখন শিক্ষানুষ্ঠানত ক’ভিডৰ সংক্ৰমণ দেখা গৈছে।

ৰঙিয়া মাণ্ডলিক ৰে’ল প্ৰৱন্ধকৰ অধীনৰ ৰঙিয়াৰ কেন্দ্ৰীয় বিদ্যালয়ত ৭ গৰাকীকৈ ছাত্ৰ-ছাত্ৰীৰ দেহত ধৰা পৰিল কোভিড-১৯।

বিদ্যালয় কৰ্তৃপক্ষই ছাত্ৰ-ছাত্ৰীসকলক ক’ভিড পৰীক্ষা কৰোৱাত ৭ গৰাকীকৈ শিক্ষাৰ্থীৰ দেহত ধৰা পৰে ক’ভিড-১৯ৰ অৱস্থিতি।

লগে লগে স্বাস্থ্য বিভাগৰ দ্বাৰা আটাইকেইগৰাকীকে চিকিৎসালয়লৈ লৈ যোৱা হয়।

এই ঘটনাক লৈ চিন্তিত হৈ পৰিছে কেন্দ্ৰীয় বিদ্যালয় কৰ্তৃপক্ষ।

পুনৰ চেনিটাইজ কৰা হৈছে সম্পুৰ্ণ বিদ্যালয় চৌহদ।

Leave a Comment