ক্ৰীড়াই হৈছে হতাশাগ্ৰস্ত যুৱ প্ৰজন্মক ড্ৰাগছৰ পৰা আঁতৰাই ৰখাৰ বিকল্পঃ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

অসম আৰক্ষীৰ উপ আৰক্ষী অধীক্ষক পদত নিযুক্তি লাভ কৰিছে অৰ্জুন বঁটা বিজয়ী ক্ৰীড়াবিদ লাভলীনা বৰগোঁহাইয়ে।

জনতা ভৱনত অনুষ্ঠিত এক অনুষ্ঠানত লাভলীনাক নিযুক্তি পত্ৰ প্ৰদান কৰি অসম আৰক্ষীলৈ স্বাগতম জনায় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

FI4-VTUqac-AEb-OA7

মেজৰ ধ্যানচন্দ খেলৰত্ন বঁটা আৰু ক্ৰীড়া জগতৰ সৰ্বোচ্ছ সন্মান অৰ্জুন বঁটা বিজয়ী লাভলীনা বৰগোঁহাই অসমৰ যুৱ প্ৰজন্মৰ বাবে প্ৰেৰণা বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰী ড০ শৰ্মাই।

মুখ্যমন্ত্ৰী শৰ্মাই কয় যে লাভলীনা বৰগোঁহাইয়ে ২০২১ বেটছত নিযুক্তি লাভ কৰিছে। গ্ৰেজুৱেশ্যন সম্পূৰ্ণ কৰিলে তেওঁ আৰক্ষীৰ উচ্চ পৰ্যায়লৈ যোৱাৰ সম্ভাৱনা আছে বুলি ব্যক্ত কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে।

FI4-JRGGag-AQvc-Go

আনহাতে মুখ্যমন্ত্ৰীয়ে কয় যে ক্ৰীড়া হৈছে বৰবিহ স্বৰূপ ড্ৰাগছৰ পৰা যুৱ প্ৰজন্মক আঁতৰাই ৰখাৰ বিকল্প। হতাশাগ্ৰস্ত মনৰ পৰা যুৱ প্ৰজন্মক উলিয়াই অনাৰ বাবে ক্ৰীড়াই উত্তম মাধ্যম বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে কয় যে অসমত প্ৰতিখন জিলাত এখন ষ্টেডিয়াম নিৰ্মাণ কৰাৰ বাবে সিদ্ধান্ত লোৱা হৈছে।

FI4cq-LXac-AESqs-B

ইয়াৰ বাবে ৮ খন জিলাত ৫০০ কোটি টকা অনুদান আগবঢ়োৱা হৈছে। প্ৰত্যেকখন থানাত একোটা ফুটবল আৰু ভলীবল দল হ’ব বুলিও সদৰী কৰে ড০ হিমন্ত বিশ্ব শৰ্মাই।।

বৰ্তমান সময়ত ক্ৰীড়াক কেৰিয়াৰ হিচাপে বিবেচনা কৰাৰ প্ৰয়োজন বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে অসম চৰকাৰৰ খালী পদ সমূহত ৰাজ্য অথবা দেশৰ হৈ প্ৰতিদ্বন্দ্বিতা কৰা বা পদক লাভ কৰা সকলক নীতি অনুসৰি নিযুক্তি প্ৰদান কৰা হব।

25

তেওঁ কয়, ‘শিক্ষাৰ লগতে ক্ৰীড়াতো আমি আগবাঢ়ি যাব লাগিব। পঢ়াৰ নিচিনাকৈ খেলৰ জৰিয়তে জীৱনটো আগুৱাই নিব পাৰি। ক্ৰীড়াৰ প্ৰতি থকা অৱহেলাৰ দৃষ্টিভঙ্গী নাইকীয়া কৰিব লাগিব।”

আনহাতে অসমৰ খেলুৱৈসকলে যাতে প্ৰশিক্ষণৰ বাবে সদায় পাটিয়ালালৈ যাব নালাগে তাৰ বাবে পাটিয়ালাত নাথাকি অসমত থাকি প্ৰশিক্ষণ লোৱাৰ বাবে অন্তঃৰাষ্ট্ৰীয় প্ৰশিক্ষক অনাৰ বাবে চৰকাৰে চেষ্টা কৰিব বুলিও কয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

প্ৰণিধানযোগ্য যে, টকিঅ’ অলিম্পিকত ব্ৰঞ্জৰ পদক লাভ কৰি অসম তথা সমগ্ৰ ভাৰতক গৌৰৱাম্বিত কৰা অসমৰ সুসন্তান লাভলীনা বৰগোঁহাইক সন্মানস্বৰূপে অসম আৰক্ষীৰ উপ আৰক্ষী অধীক্ষক (ডিএছপি) পদত নিযুক্তি প্ৰদান কৰে অসম চৰকাৰে।

লগতে চাওকঃ

DSP ৰূপে নিযুক্তি লাভ লাভলীনা বৰগোঁহাইৰ, মুখ্যমন্ত্ৰীয়ে প্ৰদান কৰিলে নিযুক্তিপত্ৰ

Leave a Comment